Local, Vocal, Global

নগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা, ট্ৰাকে মহতিয়ালে ৪খনকৈ বাহন

নিউজ ডেস্ক,২০ মাৰ্চঃ নগাঁৱৰ গোমোঠা গাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত এখন ট্ৰাকে মহতিয়ালে ৪খনকৈ বাহন।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দূৰ্ঘটনাত ট্ৰাকখনে দুখনকৈ টেম্পু, এখন বেলেন’ আৰু এখন টমটম খুন্দা মাৰে।

দূৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক ততালিকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ভূল পথেৰে অহাৰ বাবে এই দূৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। বাহন কেইখনৰ নম্বৰ হৈছে-AS02Y3711, AS02E2764, AS02CC7055, AS01DD7493।

দূৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ যান-যঁটৰ সৃষ্টি হৈছে।