বিহালীত ভয়ংকৰ পথদূৰ্ঘটনা, থিতাতে নিহত ২ স্কুটী আৰোহী

নিউজ ডেস্ক, ১৫ মাৰ্চঃ মঙ্গলবাৰে বিহালীৰ বাঘমাৰীৰ সমীৰণ চাহ উদ্যোগৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।
দিনৰ প্ৰায় ১২.৩০ বজাত এই ঘটনা সংঘটিত হয়। লখিমপুৰ অভিমুখী বাসুদেৱ নামৰ যাত্ৰীবাহী আল্ট্ৰা বাছখনৰ খুন্দাত নিহত হয় দুই স্কুটী আৰোহী।
সংঘৰ্ষৰ ফলত থিতাতে নিহত হোৱা স্কুটীৰ আৰোহী দুগৰাকীৰ এগৰাকী মহিলা আৰু আনজন পুৰুষ।
ইয়াৰপিছতেই প্ৰত্যক্ষদৰ্শীয়ে জিনজিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে।
ইফালে ঘটনা সংঘটিত কৰিয়েই AS 07-BC-0146 নম্বৰৰ আল্ট্ৰা বাছখনৰ চালক হেন্দিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আনহাতে দূৰ্ঘটনাত নিহত দুই স্কুটী আৰোহীৰ এগৰাকী ধেমাজীৰ ২নং বৰালিচুক গাঁৱৰ দিলীপ দৰ্জী বুলি জানিব পৰা গৈছে। কিন্তু এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই মৃত মহিলা আৰোহী গৰাকীৰ নাম-ঠিকনা।