লখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেস্ক, ১৯ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । মঙ্গলবাৰে বঙালমৰাৰ পৰা বিহপুৰীয়া অভিমূখে আহি থকা AS15G2777 নম্বৰৰ স্ক’ৰপিঅ’ বাহন খনে নিয়ন্ত্ৰন হেৰুৱাই পথক কাষত থকা এজন ব্যক্তিক খুন্দিয়াই বাহন খনে পুনৰ আন এজন ব্যক্তিৰ বাসগৃহত খুণ্ডা মাৰে।
শোকাৱহ দুৰ্ঘটনাটোত মুমতা আলি (৫৫) নামৰ ব্যক্তি জন থিতাতে নিহত হোৱাৰ উপৰিও বাহন খনৰ চালক জন গুৰুতৰ ভাৱে আহত হয়।
আনহাতে, বাহন খনে এটা বাসগৃহত খুণ্ডা মৰাৰ ফলত বাহন খন সম্পূৰ্ণ ৰূপে ভাগি যায়।
ঘটনা স্থলিত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তি জনক মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।