Local, Vocal, Global

বোকাজানৰ বালিপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২০ জুলাই : বুধবাৰে অসমৰ বোকাজানত সংঘটিত হয় এক ভয়মকৰ পথ দুৰ্ঘটনা।

খবৰ অনুসৰি, অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বালিপথাৰত শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক-আপ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত থকা গছত খুন্দা মাৰে। যাৰ ফলত এজন লোকৰ মৃত্যু হয়।

উল্লেখ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে গুৱাহাটীৰ পৰা নাগালেণ্ডৰ ডিমাপুৰলৈ যাত্ৰা কৰি আছিল।

আনহাতে, মৃত শ্ৰমিকজনক কামৰূপ জিলাৰ ছায়গাঁৱৰ বাসিন্দা জেহৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোত আন কেইবাজনো লোক আহত হৈছিল আৰু আহতসকলক লগে লগে বোকাজানৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

ইফালে, দুৰ্ঘটনাটোৰ পিছতে বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু বৰ্তমান সময়লৈকে বিচাৰি পোৱা নাই।