Farmers Protest Day 3 : কৃষক আন্দোলনৰ আজি তৃতীয় দিন;বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ’ব বৈঠক
নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : দেশৰ কৃষক আন্দোলনৰ আজি তৃতীয় দিন । তৃতীয়টো দিনটো অব্যাহত আছে দিল্লী চলো যাত্ৰা ।পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত সমৱেত হাজাৰ হাজাৰ কৃষক(Farmers Protest Day 3) ।
পঞ্জাৱ, হাৰিয়ানা সীমান্তত আন্দোলনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অব্যাহত আছে সংঘৰ্ষ।দিনৰ ১২ বজাৰ পৰা ৪ বজালৈ মুঠ ৭ টা স্থানত ৰূপায়ণ কৰিবলৈ লোৱা এই অৱৰোধ কাৰ্যসূচীক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে আন্দোলনস্থলী। প্ৰতিবাদী কৃষকসকলে খানাউৰী সীমান্তত শিবিৰ পাতিছে ।ইফালে কৃষকসকলৰ এই প্ৰতিবাদক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে(Farmers to block trains today, hold round 3 talks with Centre) ।
কৃষককলৰ আন্দোলন অব্যাহত থকাৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰৰে তৃতীয়সংখ্যক বৈঠক প্ৰতিবাদী কৃষকৰ লগত।বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ’ব বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ হৈ এই বৈঠকত অংশগ্ৰহণ কৰিব কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযুষ গোৱেল আৰু গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়( Farmers To Block Trains; 3rd Round Of Talks With Govt Today)।
জানিব পৰা মতে,এই বৈঠকত যদি কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ দাবী নলয় তেন্তে প্ৰতিবাদ বন্ধ নোহয়।