Farmers put ‘Delhi Chalo’ march on hold for two days : দুদিনৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা;খানাউৰী সংঘৰ্ষত প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিচতে এই সিদ্ধান্ত কৃষকৰ
নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : দুদিনৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা । বুধবাৰে কৃষক নেতাসকলে ‘দিল্লী চলো’ পদযাত্ৰা দুদিনৰ বাবে স্থগিত ৰাখিছে বুলি জানিব পৰা গৈছে ।
পঞ্জাব-হাৰিয়ানা সীমান্তৰ খানাউৰীত সংঘটিত হোৱা সংঘৰ্ষত এজন কৃষকৰ মৃত্যুৰ পাছতে এই সিদ্ধান্ত কৃষকসকলৰ । ট্ৰেড ইউনিয়নসমূহে প্ৰতিবাদকাৰী যুৱ কৃষক শুভ কৰণ সিঙৰ মৃত্যুৰ তীব্ৰ গৰিহণা দিয়ে আৰু ২৩ ফেব্ৰুৱাৰী ক’লা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে(Farmers put ‘Delhi Chalo’ march on hold for two days) ।
এই ঘটনা সন্দৰ্ভত কৃষক নেতা চাৰৱান সিং পান্ধেৰে (Farmer leader Sarwan Singh Pandher) কয় যে শুকুৰবাৰে বিয়লি তেওঁলোকে পৰৱৰ্তী পন্থা সিদ্ধান্ত গ্ৰহণ কৰিব । দেওবাৰে নিশা তিনিজন কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে চতুৰ্থ পৰ্যায়ৰ আলোচনাৰ পিচত দুদিনৰ স্থগিতাদেশ জাৰি কৰে ৷ অৱশ্যে সোমবাৰে পুৱাই পুনৰ আন্দোলন আৰম্ভ কৰিছিল খানাউৰী আৰু শম্ভুৰ পঞ্জাবৰ কৃষকসকলে(‘Delhi Chalo’ march paused for 2 days after protestor dies)।
উল্লেখ্য যে,বিভিন্ন দাবী উত্থাপন কৰি পঞ্জাৱৰ কৃষকসকলে বহু দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকৰ ৪ বাৰকৈ আলোচনা হৈছে যদিও এতিয়ালৈকে সমাধান ওলোৱা নাই। ইয়াৰ মাজতে চৰকাৰে কৃষকসকলক পঞ্চম আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে। ইয়াৰ মাজতে হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ মাজতেই এজন কৃষকৰ মৃত্যু হয়।
অৱশ্য়ে এই অভিযোগ খণ্ডন কৰিছে হাৰিয়ানা আৰক্ষীয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। কন্দুৱা গেছ, ৰবৰ বুলেট আদি প্ৰয়োগ কৰিছিল। তাৰ মাজতেই আহত হৈছিল কেইবাগৰাকী। পাটিয়ালাৰ এজন চিকিৎসকে জনোৱা অনুসৰি ৩ জন যুৱকক চিকিৎসালয়লৈ লৈ অনা হৈছিল। ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ চিকিৎসালয়লৈ অনাৰ পূৰ্বে মৃত্যু হৈছিল।
পাটিয়ালাস্থিত ৰাজিন্দ্ৰ হাস্পতালৰ চিকিৎসা অধীক্ষক এইচ এছ ৰেখীয়ে সাংবাদিকৰ আগত জনোৱা মতে, খানাউৰীৰ পৰা তিনিজন লোকক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত অনা হৈছে । তাৰে এজন মৃত লোকৰ মূৰত আঘাতৰ চিন স্পষ্ট ৷ অৱশ্যে বাকী দুজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰে চিকিৎসক ৰেখীয়ে ৷ লগতে তেওঁ কয় যে মৃত্যু হোৱা লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব ৷
লগতে পঢ়ক : Illegal Teer Mafia Arrested : দক্ষিণ শালমাৰাত অবৈধ তীৰৰ বেহা;একাংশই কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনক