Farmers’ protest enters Day 5 : আজি পঞ্চমটো দিনত প্ৰতিবাদকাৰী কৃষকসকলে ঘেৰাও কৰে বিজেপিৰ তিনি নেতাৰ বাসগৃহ
নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : দেশত কৃষক আন্দোলনৰ আজি পঞ্চম দিন । আজিও অব্যাহত আছে কিষাণ আন্দোলন । আজি পঞ্চমটো দিনত প্ৰতিবাদকাৰী কৃষকসকলে ঘেৰাও কৰে বিজেপিৰ তিনি নেতাৰ বাসগৃহ । লগতে টোল প্লাজাসমূহ বিনামূলীয়া কৰাৰ দাবী উত্থাপন কৰে । এই আন্দোলনত ইতিমধ্যে যোগদান কৰে পঞ্জাৱৰ বৃহৎ কৃষক সংগঠন BKU (Ugrahan)য়ে(Farmers’ protest enters Day 5) ।
উল্লেখ্য যে, পঞ্জাৱৰ বিজেপি নেতাৰ বাসগৃহ আজি BKU সংগ্ৰাহকৰ দ্বাৰা ঘেৰাও কৰা হয় । প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰে বিজেপিৰ তিনি নেতা ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং, ৰাজ্যিক সভাপতি সুনীল জাখৰ আৰু কেৱাল ধিলন আদি কৰি ভালেসংখ্যক নেতাৰ বাসগৃহ ।
উল্লেখ্য যে, আন্দোলনৰ চতুৰ্থ দিনা কৃষকসকলে শম্ভু সীমান্তৰ ফালে অগ্ৰসৰ হোৱাৰ সময়ত হাৰিয়ানা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকললৈ কন্দুৱা গেছ নিক্ষেপ কৰিছিল । যাৰ ফলত বহু কৃষক আহত হৈছিল । ফলত দিল্লীলৈ যোৱাৰ পথত শম্ভু সীমান্তত কৃষকসকল আৱদ্ধ হৈ পৰে । এই আন্দোলনত বৰ্তমানলৈ এজন কৃষক আৰু এজন উপ-পৰিদৰ্শকসহ দুজনৰ প্ৰাণহানি হৈছে বুলি জানিবপৰা গৈছে(Farmers’ protest enters Day 5, next round of talks with Centre tomorrow) ।
ইফালে, আন্দোলনৰ কৃষকসকলে ভাৰত বন্ধ ঘোষণা কৰিছিল । যিয়ে পঞ্জাৱ আৰু হাৰিয়ানাত সম্পূৰ্ণ সমৰ্থন লাভ কৰা পৰিলক্ষিত হৈছিল । দুয়োখন ৰাজ্যৰ পথৰ কৰ্মচাৰীসকলেও আন্দোলনৰ সমৰ্থনত ওলাই আহিছিল । যাৰ বাবে চৰকাৰী বাছৰ সুবিধা ব্যাহত হৈ পৰিছিল । ব্যক্তিগত বাছসমূহো পঞ্জাৱত বন্ধ আছিল । বন্ধৰ প্ৰভাৱ ৰাজস্থানৰ হনুমানগড় আৰু শ্ৰীগংগানগৰ জিলাৰ গ্ৰাম্য অঞ্চলত ব্যাপকভাৱে দেখা গৈছিল ।
লগতে পঢ়ক : BJP’s two-day national council meeting begins today : আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক