Farmers’ protest Day 6 : কৃষক আন্দোলনৰ আজি ষষ্ঠ দিন
নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : কৃষক আন্দোলনৰ আজি ষষ্ঠ দিন। আজিও অব্যাহত আছে কৃষকৰ আন্দোলন(Farmers’ protest Day 6) । বৰ্তমানলৈ কৃষক আৰু চৰকাৰৰ মাজত তিনিটা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে যদিও বৰ্তমানলৈ সম্পূৰ্ণ সহমতত উপনীত হোৱা নাই । একে সময়তে, কৃষকসকলে যিকোনো মূল্যত দিল্লীলৈ যাত্ৰা কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে(4th round of talks with Centre today) ।
ইয়াৰ মাজতে ১৭ ফেব্ৰুৱাৰী, শনিবাৰে নন্দগড় বৰাহাত এখন সভাৰ অনুষ্ঠিত কৰা হয় ।
সভাত কৃষকসকলক সম্বোধন কৰি হোচিয়াৰ সিং দালালে কয়, “হাৰিয়ানাৰ কৃষকসকল পঞ্জাৱৰ কৃষকসকলৰ সৈতে আছে । যদি চৰকাৰে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকত কৃষকসকলৰ দাবী মানি নলয়, তেন্তে ৰাজ্যখনৰ কৃষকসকল পঞ্জাৱ সীমান্তত উপস্থিত হ’ব ।
এমএচপি কৃষকসকলৰ অধিকাৰ আৰু এই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবই । চৰকাৰে কৃষকসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাটো অতি নিন্দনীয় কাৰ্য । কৃষকসকল দেশৰ মূল বিষয় । চৰকাৰে কৃষকসকলৰ দাবী যিমান সম্ভৱ সোনকালে পূৰণ কৰা উচিত ।
লগতে হোচিয়াৰ সিঙে কয় যে যদি চৰকাৰে কৃষকসকলৰ দাবী মানি নলয়, তেন্তে হাৰিয়ানাৰৰ কৃষকসকলে পঞ্জাৱৰ কৃষকসকলৰ সৈতে দিল্লী অভিমুখে যাত্ৰা কৰিব ।
লগতে পঢ়ক : Drugs Peddler Arrested : বৰপেটাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী