Farmers postpone ‘Delhi Chalo’ march till February 29 : ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত কৃষকৰ দিল্লী চলো অভিযান; সমগ্ৰ দেশজুৰি আজি মমবাতি সমদল
নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : কৃষকৰ আন্দোলনৰ আজি দ্বাদশ দিন । প্ৰতিবাদী কৃষকসকলে বিগত ১১ দিন ধৰি পঞ্জাব আৰু হাৰিয়ানাৰ সীমাত এমএছপিৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে । কিন্তু কৃষকসকলৰ যি দিল্লী অভিমুখী যাত্ৰা সেই যাত্ৰা ২৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে । বৰ্তমান বন্ধ থাকিব কৃষকৰ দিল্লী চলো অভিযান । ২৯ ফেব্ৰুৱাৰীলৈ আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ । ২৬ ফেব্ৰুৱাৰীত WTOৰ সৈতে কৃষক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব(Samyukt Kisan Morcha postpone its Delhi Chalo march till 29th February) ।
এই সন্দৰ্ভত কৃষক নেতা চাৰৱান পান্ধেৰে কয় যে দিল্লী অভিমুখে কোনটো ৰণনীতিত আগবাঢ়িব সেই সন্দৰ্ভত তেওঁ ২৯ ফেব্ৰুৱাৰীত সিদ্ধান্ত ল’ব । কৃষক নেতাজনে কয় যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আলোচনাৰ বাবে কোনো নিমন্ত্ৰণ অহা নাই । তেওঁ লগতে কয় যে আমি দাবী কৰিছোঁ যে আলোচনাৰ আমন্ত্ৰণত এইটো স্পষ্টভাৱে লিখা উচিত যে এমএছপি গেৰাণ্টি আইন প্ৰস্তুত কৰাৰ ওপৰত আলোচনা হ’ব । কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত চকু ফুৰাই আছে(Farmers postpone ‘Delhi Chalo’ march till February 29)।
আনহাতে, যুৱ কৃষক শুভকৰণৰ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে কৃষকসকলে সমগ্ৰ দেশজুৰি মমবাতি সমদল উলিয়াব । ইয়াৰ উপৰি কৃষকসকলৰ সপক্ষে ২৬ ফেব্ৰুৱাৰীত জনজাতীয় সমাজে ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত ৰাষ্ট্ৰপতিৰ বাবে দাবীপত্ৰ দাখিল কৰিব ।