Local, Vocal, Global

Farmers empowered by improved crop varieties:কৃষিকৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে উদ্যমী যুৱক তিলেশ্বৰ পাইটে

টিয়ক,২৫ জানুৱাৰী : জোনাইৰ তৰাজান পথাৰৰ গৰগৰ নৈৰ পাৰত কৃষিকৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পাইটে । গৰগৰ নৈৰ পাৰৰ চাৰি বিঘা ভূমিত পাঁচশ জোপা উন্নত জাতৰ বগৰীৰ খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন উদ্যমী যুৱক তিলেশ্বৰ পাইটে ।

চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি বা বহিৰাজ্যলৈ গৈ সময় নষ্ট নকৰি জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইট নামৰ যুৱকজনে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে বিগত তিনিছৰৰ পৰা কৰি আহিছে উন্নত জাতৰ বগৰীৰ খেতি । কেমি জেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি তিনি বছৰে ভাল ফল পোৱাত তিলেশ্বৰ পাইটৰ ওঁঠত বিৰিঙিছে সফলতাৰ হাঁহি(Farmers empowered by improved crop varieties) ৷

উল্লেখ্য যে বগৰী খেতিৰে তিলেশ্বৰ পাইতে নিজৰ লগতে উক্ত বগৰী খেতিত বহুজনক কৰ্ম-সংস্থাপন দিবলৈ দিবলৈ সক্ষম হৈছে । কেৱল বগৰী খেতিয়েই নহয়, উদ্যমী যুৱক তিলেশ্বৰ পাইতে সময় সাপেক্ষে আলু, কবি, জলকীয়া আদি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিও বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ।

এই সন্দৰ্ভত উদ্যমী কৃষকগৰাকীয়ে কয়, “বিগত বৰ্ষত উন্নতজাতৰ বগৰী খেতি কৰি প্ৰায় এক-ডেৰলাখ টকা উপাৰ্জন কৰিছিলো । এইবাৰ তাতকৈ বেছিকৈ লগোৱা হৈছে । পাঁচশজোপা মান লগোৱা হৈছে । যোৱা বছৰতকৈ এই বছৰ বগৰীও বেছিকৈ উৎপাদন হৈছে ।”

উল্লেখ্য যে ৰাজ্যজুৰি হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পিছে পিছে দৌৰি নিজৰ সময় অপচয় কৰাৰ সময়তে নিজা চাৰি বিঘা ভূমিত এইদৰে উন্নত জাতৰ বগৰী খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ১ নং মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইটে । অৱশ্যে ভৱিষ্যতে তিলেশ্বৰ পাইটে এই উন্নত ধৰণৰ বগৰী খেতিৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব দিয়ে ৷

লগতে পঢ়ক :Nalbari News: নলবাৰী জিলাৰ কাপলাবড়ীত চাঞ্চল্যকৰ ঘটনা