Local, Vocal, Global

Family Ostracized in Mushalpur:কৃষ্ণগুৰু ধৰ্ম গ্ৰহণ কৰাৰ বাবে এঘৰীয়া এটি পৰিয়াল

মুছলপুৰ,১২ডিচেম্বৰ : ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা ।

কৃষ্ণগুৰু ধৰ্ম গ্ৰহণ কৰাৰ বাবে বাক্সাৰ‌ মুছলপুৰত এঘৰীয়া এটি পৰিয়াল ।

পৰিয়ালটিৰ মুৰব্বী গৰাকীৰ মৃত্যুত মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল গাঁওখনৰ কোনো এজন ব্যক্তি ।

উপায়হীন হৈ পুত্ৰ সন্তান নথকা বৃদ্ধা পত্নীয়ে অৱশেষত আত্মীয়ৰ দ্বাৰা সৎকাৰ কৰিলে স্বামীৰ মৃতদেহ(Family Ostracized in Mushalpur)।

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী চৰাইমাৰীত ।

চানাৰাম দাস নামৰ লোকজনৰ পুত্ৰ সন্তান নথকাৰ বাবে নাতিয়েকে কৰিব লগীয়া হৈছে মৃত ককায়েকৰ সকলো নীতি-নিয়ম ।

গাওঁখনৰ সভাপতি-সম্পাদকে মৃতকৰ পৰিয়ালটোৰে খবৰ লবলৈও বাধা প্ৰদান কৰিছে ওচৰ চুবুৰীয়া তথা আত্মীয়ক।

কেৱল কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবেই আজি প্ৰায় তিনি দশক‌ ধৰি এঘৰীয়া হৈ আছিল পৰিয়ালটো ।

চানাৰাম দাসৰ ঘৰলৈ ৰাইজৰ কোনো লোক আহিলে জৰিমনা ভৰিব লাগে ৫০১ টকা ৷ ইফালে চানাৰামৰ পৰিয়ালে গাঁওৰ দোকানলৈকো যাব নোৱাৰে । গাঁওৰ কাৰোবাৰ বিয়া হলেও যাব নোৱাৰে ৷ গলেই ভৰিব লাগিব দুগুন জৰিমনা ।

এনেদৰে বহু বছৰ সকলো দুখ-বেদনা সহ্য কৰি আহি যোৱা‌ ৬ ডিচেম্বৰ তাৰিখে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় চানাৰাম দাস নামৰ দুৰ্ভগীয়া লোকজনৰ ।

এতিয়া প্ৰশ্ন হয় মানৱ সভ্যতাৰ বিকাশ আৰু বিজ্ঞানৰ যুগতো এনে সমাজ আছে নেকি ? এয়াই নেকি এখন ভদ্ৰ সমাজৰ কৰ্মকাণ্ড !

দুৰ্ভগীয়া পৰিয়ালটোৰ এই দৃশ্য দেখাৰ পিচত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব পৰৱৰ্তী সময়ত লক্ষণীয়।

লগতে পঢ়ক :Heated situation:AIUDF আৰু দৰং আমছুৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত