Local, Vocal, Global

Family Ostracized for Wearing Churidar: বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰিলে এটা পৰিয়ালক

ছিপাঝাৰ,১১ডিচেম্বৰ : ছিপাঝাৰত গাঁওবাসীয়ে এঘৰীয়া কৰিলে এটা পৰিয়ালক।বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰিলে পৰিয়ালটোক।

সামাজিক সংকীৰ্ণতাৰ বলি হৈ স্বামীসহ ন্যায় বিচাৰি জিলা আয়ুক্ত, চক্ৰ বিষয়াৰ কাষ চাপিছে ভুক্তভোগী মেঘালী দাস নামৰ বোৱাৰীগৰাকী।

ছিপাঝাৰৰ গণেশকুঁৱৰীৰ গংগাজানী গাঁৱত সংঘটিত হৈছে এই আজৱ ঘটনাটো। কৰ্মসূত্ৰে মেঘালী দাসৰ স্বামী থাকে বাহিৰত। ফলত অকলেই পৰিয়াল চম্ভালি থকাৰ লগতে এখন সৰুকৈ দোকান চলাই আছে বোৱাৰীগৰাকীয়ে। সহজ আৰু আৰামদায়ক হোৱা বাবে চুৰিদাৰ পিন্ধিয়ে দৈনন্দিন কাম-কাজ চলাই থাকে মেঘালী দাসে। ইয়াতে ক্ষুণ্ণ হৈ গাঁওবাসীয়ে পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে পৰিয়ালটোক। অন্যথা চিৰদিনৰ বাবে হৈ থাকিব লাগিব এঘৰীয়া(Family Ostracized for Wearing Churidar)।

উল্লেখ্য যে, ইতিপূৰ্বে হেনো গাঁওখনৰ পৰা দুগৰাকী বোৱাৰী পলাই গৈছে পৰপুৰুষলৈ। তেওঁলোকেও এনেদৰে পিন্ধিছিল চুৰিদাৰ। সেইবাবে মেঘালী দাসৰ ওপৰত গ্ৰহণ কৰা হ’ল শাস্তিমূলক ব্যৱস্থা। যাৰ বাবে ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰ চাপিল স্বামীসহ মেঘালী দাস নামৰ এই গৰাকী বোৱাৰী।

লগতে পঢ়ক:Tragic Road accident in Chapar :ঘোঁৰা গাড়ীত খুন্দা অচিনাক্ত বাহনৰ;নিহত এজন,আহত এজন