Local, Vocal, Global

Six killed as truck hits car : ট্ৰাকে মহতিয়াই নিলে এখন চাৰি চকীয়া বাহন; নিহত ৬জন, আহত ৩জন

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ : মৰ্মান্তিক দুৰ্ঘটনা। মহিলাসহ নিহত ৬জন, আহত হয় তিনিজন (Six killed as truck hits car) ।

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । এখন ট্ৰাকে মহতিয়াই নিলে এখন চাৰি চকীয়া বাহনক ৷ ফলত চাৰি চকীয়া বাহনখনত থকা ৬ জন লোক নিহত হয় লগতে আহত হয় ৩জনকৈ লোক(Family of 6 killed as car collides with truck in Uttar Pradesh’s Jaunpur)।

জানিব পৰা মতে, চাৰি চকীয়া বাহনখনে ৰাজপথত ঘূৰোৱালৈ লওতেই পিচফালৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে । ফলত সংঘটিত হয় ভয়ংকৰ ঘটনাটো ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী পৰিদৰ্শক লাইন কে কে চৌবে । তাৰ পাচতে আটাইকেইজন আহতক ঘটনাস্থলীৰ পৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত ৬ জন লোকক মৃত ঘোষণা কৰে চিকিৎসকে । মৃতলোককেইজন গজাধৰ শৰ্মাৰ পুত্ৰ অনিশ শৰ্মা (৩৫),গজাধৰ শৰ্মা (৬০) পুত্ৰ লক্ষ্মণ শৰ্মাৰ,ৰাম প্ৰতাপৰ পুত্ৰ জৱাহৰ শৰ্মা (৫৭), জৱাহৰ শৰ্মাৰ পুত্ৰ গৌতম শৰ্মা (১৭),বজৰং শৰ্মাৰ পত্নী সোণম (৩৪),পৱন শৰ্মাৰ পত্নী ৰিংকু (৩২)(6 dead after car collides with truck in UP’s Jaunpur)।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি , দুৰ্ঘটনাত পতিত আটাইকেইজনেই বিহাৰৰ জিলা সীতামড়ীৰ ৰিগা থানা এলেকাৰ ষ্টেচন ৰোডৰ বাসিন্দা ।

ইতিমধ্যে আৰক্ষীয়ে মৃতলোককেইজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Suspected IED blast at Syndicate Stand near Them Mator : শ্বিলঙত ভয়ংকৰ IED বিস্ফোৰণ