Local, Vocal, Global

Behind suicide pact : নিজা বাসগৃহত উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ ৪টাকৈ মৃতদেহ

নেশ্যনেল ডেস্ক, ২৮ আগষ্ট : বেংগালুৰুৰ মহীশূৰত শোকাৱহ ঘটনা ৷ একেটা পৰিয়ালৰ মৃত্যু চাৰিজনকৈ লোকৰ । নিজ বাসগৃহৰ পৰা উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহকেইটা ।

দেওবাৰে বিয়লি কৰ্ণাটকৰ চামুণ্ডীপুৰমত থকা এটা ভাড়াঘৰৰ পৰা একেটা পৰিয়ালৰ চাৰিজন সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । জানিব পৰা মতে,মৃতলোককেইজন একেটা পৰিয়ালৰৰ মহাদেৱস্বামী (৪৫), পত্নী অনিতা (৩৮), কন্যা চন্দ্ৰকলা (১৭) আৰু ধনলক্ষ্মী (১৫)। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছত এই সমগ্ৰ ঘটনাটোক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰে (4 Of A Family Found Dead In Karnataka Suicide Pact Suspected)।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,মহাদেৱ স্বামীৰ মৃতদেহ ঘৰৰ ভিতৰৰ হলঘৰৰ পৰা উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নী অনিতাৰ মৃতদেহ এখন চকীত উদ্ধাৰ কৰা হয় ৷ ডাঙৰ কন্যাৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে লগতে কনিষ্ঠ কন্যাৰ মৃতদেহ কোঠাৰ পৰা উদ্ধাৰ কৰে । উঁৱলিবলৈ ধৰা অৱস্থাত চাৰিওটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে দুদিন পূৰ্বে আত্মহত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লখ্য যে মহাদেৱস্বামীৰ বন্দীপল্যত এখন শাক-পাচলিৰ দোকান আছিল। আৰু যোৱা দুদিন ধৰি দোকানখন খোলা নাছিল যাৰ বাবে চুবুৰীয়াই সন্দেহ কৰিছিল আৰু আৰক্ষীক খবৰ দিছিল । আৰক্ষীয়ে ঘটনাৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

আৰক্ষীৰ ভাষ্য অনুসৰি, “সমুখৰ দুৱাৰখন ভিতৰৰ পৰা বল্ট লগাই দিয়া হৈছিল। যাৰ বাবে আৰক্ষীয়ে পিছফালৰ পৰা দুৱাৰখন খুলিবলগীয়া হৈছিল আৰু দৰ্জা খুলি তেওঁলোকক মৃত অৱস্থাত দেখা পাই। চাৰিজনৰ ভিতৰত এজনক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে, যিখন ডাঙৰ ছোৱালী আছিলে(4 Members Of A Family Die In Karnataka Mysuru Police Suspect Suicide Pact) ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অট্টালিকাৰ মালিক প্ৰথম মহলাত থকাৰ বিপৰীতে ভুক্তভোগীৰ পৰিয়ালেটোৱে যোৱা দুমাহ ধৰি তলৰ মহলাত ভাড়াতীয়া হিচাপে বাস কৰিছিল(Four Of Family Found Dead In Rented House In Mysuru Police Suspect Suicide Pact)।

ইফালে এই ঘটনাৰ সন্দৰ্ভত মহীশূৰ চহৰৰ আৰক্ষী আয়ুক্ত ৰমেশ বানোথ, উপ আৰক্ষী আয়ুক্ত মুথুৰাজ আৰু জাহ্নৱীয়ে সেই স্থান পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে আৰু ঘটনা সন্দৰ্ভত স্থানীয় কে আৰ থানাত গোচৰ ৰুজু কৰে ।

জানিব পৰা মতে, আত্মহত্যা কৰা মহাদেৱ স্বামীয়ে আৰ এম চি মাৰ্কেটত এজেণ্ট হিচাপে কাম কৰি আছিল । প্ৰাথমিক তথ্য অনুসৰি ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল যাৰ বাবে মহাদেৱ স্বামী ঋণত ডুব গৈছিল বুলি জানিব পৰা গৈছে আৰু ঋণৰ বোজাৰ পৰা হাত সাৰিবলৈ এনে চৰম পন্থা গ্ৰহণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Minor Boy Found Dead At MP Residence : বিজেপিৰ সাংসদৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদে