Fake SSB constable detained in Nalbari : এইবাৰ ভুৱা SSB জোৱান

নিউজ ডেস্ক,২১আগষ্ট : এইবাৰ ওলাল ভুৱা SSB জোৱান। নলবাৰীৰ টিহু ৰে’ল ষ্টেচনত ভুৱা SSB জোৱান।
জানিব পৰা মতে, মঙলবাৰে টিহুৰ বিভিন্ন স্থানত এছএছবিৰ পোছাকত ঘূৰি আছিল এজন কিশোৰ। নিজকে এছএছবিৰ হাৱালদাৰ বুলি পৰিচয় দি ঘূৰি আছিল কিশোৰজনে। কিন্তু কিশোৰজনৰ চাল-চলনত সন্দেহ কৰিছিল স্থানীয় লোকে। তাৰ পিছতে ৰাইজে কিশোৰজনক সোধা-পোছা কৰে । সোধা-পোছাত ওলাল জোলোঙাৰ মেকুৰী( Fake SSB constable detained in Nalbari)।
ৰাইজে তেওঁক বিভিন্ন প্ৰশ্ন কৰাত উত্তৰ দিব নোৱাৰিলে কিশোৰজনে। আনহাতে, হাবিলদাৰৰ পোছাক পিন্ধি এছএছবিৰ গাড়ী চলাওঁ বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে কিশোৰজনে। কিশোৰজনৰ কথাৰ কোনো তাল-মিল নথকাত আৰক্ষীক খবৰ দিয়ে ৰাইজে।
আৰক্ষী টিহু ষ্টেচনত উপস্থিত হৈ ভুৱা এছএছবি জোৱানজনক আটক কৰি টিহু থানালৈ লৈ আহে। আটকাধীন কিশোৰজনৰ ঘৰ কোকৰাঝাৰত বুলি জানিব পৰা গৈছে। কিন্তু কাৰণত কিশোৰজনে এইদৰে এছএছবিৰ পোছাক পিন্ধি ঘূৰি ফুৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই( Fake SSB constable detained in Nalbari)।