Local, Vocal, Global

ভূৱা বোমাৰ বাতৰিয়ে আতংকৰ সৃষ্টি কৰিলে শ্বিলঙত

নিউজ ডেস্ক, ৬ মাৰ্চঃ দেওবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত সন্দেহজনক বোমাৰ সৈতে জড়িত ভুৱা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্দেহজনক বোমা বিষ্ফোৰকটো শ্বিলঙৰ নংথিম্মাই জিলাৰ জিংকিয়েং অঞ্চলত উদ্ধাৰ হয়।
   পূব খাচী পাহাৰ জিলাৰ আৰক্ষীয়ে জনোৱা অনুসৰি শ্বিলঙৰ জিংকিয়েঙৰ নংথিম্মাই ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাবৰ ইনড’ৰ ষ্টেডিয়ামৰ শৌচালয়ত সন্দেহজনক বোমা থকা এটা পেকেজ উদ্ধাৰ কৰা হয়।
ষ্টেডিয়ামৰ এজন কৰ্তৃপক্ষই পেকেটটো উদ্ধাৰ কৰি পৰীক্ষা কৰি জানিব পাৰে যে ঘটনাটো ভুৱা আছিল। বৰ্তমান মেঘালয় আৰক্ষী বিভাগে ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।