Fake gold smuggler arrested : মঙলদৈত নকল সোণ সৰবৰাহকাৰীৰ জালত পৰিল মধ্যপ্ৰদেশৰ এজন ব্যক্তি
মঙলদৈ,২৬আগষ্ট : অব্যাহত আছে ৰাজ্যত নকল সোণৰ ৰমৰমীয়া বেহা ৷ নকল সোন বিচাৰি মঙলদৈৰ ভেৱাঘাটত আৰক্ষী আৰু ৰাইজৰ অভিযান ।দ্ৰেইন জংঘলত বিচাৰিলে নকল সোণ।
জানিব পৰা মতে, এইবাৰ মঙলদৈত নকল সোণ সৰবৰাহকাৰীৰ জালত পৰিল মধ্যপ্ৰদেশৰ এজন ব্যক্তি । মধ্যপ্ৰদেশৰ হেমৰাজ গড় নামৰ ব্যক্তিজনক ফোন কৰি নানান প্ৰলোভনেৰে সোণ দিয়াৰ বাবদ এটা চক্ৰৱে দুই লাখ টকা লোৱাৰ পিছত ব্যক্তি গৰাকীয়ে চক্ৰটো ভুৱা বুলি নিশ্চিত হয়(Fake gold smuggler arrested) ৷
এই কথা নিশ্চিত হোৱাৰ হোৱাৰ পিছতে বহিঃৰাজ্যৰ ব্যক্তি গৰাকীয়ে অতি কৌশলেৰে চাৰি লাখ টকাৰ বাকী টকা খিনি দি সোণ ক্ৰয় কৰিবলৈ চক্ৰটোক যোগাযোগ কৰাত চক্ৰটোৱে মঙলদৈ লৈ মাতে ৷ বহিঃ ৰাজ্যৰ ব্যক্তিজনে অসমলৈ আহি মঙলদৈত উপস্থিত হৈ মঙলদৈ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰে ৷মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে অতি কৌশলেৰে বহিঃ ৰাজ্যৰ ব্যক্তিগৰাকীৰ সহায়ত মঙলদৈ ভেবাৰঘাটৰ পৰা নকল সোণ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত দুজন বঙাইগাঁও ৰ হুছেইন আলি আৰু কলাইগাও ভকটপাৰাৰ ছাহাবুল ইছলাম বুলি চিনাক্ত কৰে(Fake gold smuggler arrested)৷
ইপিনে সৰবৰাহকাৰী দুজনে নকল সোণৰ টুকুৰাটো পেলাই দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই নকল সোণৰ টুকুৰাটো ৷সম্প্ৰতি ধৃত দুজন মঙলদৈ সদৰ আৰক্ষীৰ জিম্মাত আছে ধৃত লোক দুজন ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Sensational incident : দলনী বিলত মাছ ধৰিবলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যু পিতা-পুত্ৰৰ