Local, Vocal, Global

Fake gold smuggler arrested : নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন

নিউজ ডেস্ক,২৫আগষ্ট : লখিমপুৰত নকল সোণৰ ৰমৰমীয়া ব্যৱসায় । লখিমপুৰত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও নকল সোণৰ বেহা চলি আছে ।

এইবাৰ লখিমপুৰত নকল সোণ সৰবৰাহকাৰীৰ জালত পৰিল মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন লোক । নাগপুৰৰ দীপক নাছকুল নামৰ লোকজনৰ পৰা সৰবৰাহকাৰীয়ে লুটিলে ৪ লাখ । যোৱা ৪ আগষ্টত লোকজনৰ পৰা নকল সোণৰ নাও দি লুট কৰিছিল ৪ লক্ষাধিক টকা । পাচত তেওঁ সোণৰ নাওখন নকল সোণৰ বুলি জানিব পাৰি বঙালমৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ (Fake gold smuggler arrested)।

ইয়াৰ পিচতেই শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন নামৰ এটা নকল সোণৰ সৰবৰাহকাৰীক । আনহাতে ছাদ্দামৰ গেঙৰ মাষ্টাৰ মাইণ্ড আইনুল হকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বঙালমৰা আৰক্ষীয়ে । ছাদ্দামৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ জালনোট, নকল সোণৰ নাও । আৰক্ষীয়ে এই প্ৰৱঞ্চক চক্রটোত অধিক লোক জড়িত থকাৰ সন্দেহত ছাদ্দাম হুছেইনক জেৰা অব্যাহত ৰাখিছে(Fake gold smuggler arrested)।

লগতে পঢ়ক : Pistol recovered from ten-year-old boy’s school bag : চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগত উদ্ধাৰ পিষ্টল