Local, Vocal, Global

Fake gold seized in Guwahati : মহানগৰীত জব্দ বুজন পৰিমাণৰ নকল সোণ

নিউজ ডেস্ক,৯জুলাই : মহানগৰীত জব্দ বুজন পৰিমাণৰ নকল সোণ ।

মহানগৰীৰ আজাৰৰ যোগীপাৰাত আৰক্ষী আৰু এছ টি এফৰ অভিযান । অভিযানত ৫জুলাইত বুজন পৰিমাণৰ নকল সোণ।

জানিব পৰা মতে, আৰক্ষীয়ে জব্দ সোণখিনিৰ ভিতৰত ১.৮৩২ কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও, চাৰিটা মোবাইল ফোন, এখন ৫০০ টকীয়া নোট, দুটা পাৰ্ছ, এটা টাইটানৰ ঘড়ী আছে ।লগতে এছটিএফয়ে যোগীপাৰাৰ গ্যালাক্সি গেষ্ট হাউচৰ ২০৭ নং কোঠাৰ পৰা সামগ্ৰীসমূহ জব্দ কৰে(Fake gold seized in Guwahati)।

ইফালে উক্ত ঘটনাৰ লগত জড়িত তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। আটক কৰা ৩সৰবৰাহকাৰীৰ নাম ফুলজাৰ হুছেইন (২৪), ইনামুল আলী (২৪), নিজাম উদ্দিন (৩৩) বুলি চিনাক্ত কৰা হৈছে। তিনিজন সৰবৰাহকাৰীৰ লখিমপুৰৰ বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Organ transplant racket busted in Delhi : মানৱ অংগৰ বেহা;আৰক্ষীৰ জালত মহিলা চিকিৎসক