Fake Gold And fake Currency Seized : ৰঙিয়া আৰক্ষীৰ জালত নকল সোণ আৰু জাল নোটসহ আটক ৫ ব্যৱসায়ী

নিউজ ডেস্ক,৩০মাৰ্চ : ৰাজ্যত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বেহা(Fake Gold And fake Currency Seized) ।
এইবাৰ ৰঙিয়াত জাল নোটৰ ৰমৰমীয়া ব্যৱসায় ।
শনিবাৰে ৰঙিয়া আৰক্ষীৰ জালত নকল সোণ আৰু জাল নোটসহ আটক ৫ ব্যৱসায়ী(Fake Gold And fake Currency Seized in Rangia) ।
বিশেষ সূত্ৰৰ ভিত্তিত শনিবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া ষ্ট্ৰেচন ৰোডৰ সুভম হোটেলত অভিযান চলাই । অভিযানত ৫ জন ব্যক্তিৰ পৰা ৬ টা মোবাইল ফোন, এখন নকল সোনৰ নাওঁ, এটা সন্দেহজনক নকল টকাৰ ডাঙৰ বান্দিলৰ ২৪০ টকা লগতে এখন ৰঙা ৰঙৰ মাৰুতি চুইফট বাহন জব্দ কৰে । জব্দকৃত চুইফট বাহন খনৰ নম্বৰ AS 01 FK 9901 বুলি জানিব পৰা গৈছে(Fake Gold And fake Currency Seized in Rangia) ।
ইফালে আৰক্ষীয়ে কৰা লোককেইজন ক্ৰমে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ, চাহিদুল ইছলাম(২৪), নাওবৈছাৰ চফিকুল ইছলাম(৩৯), লালুকৰ অবু তাহেৰ (৩৩), বৰপেটা জিলাৰ মাজৰগাওঁৰ আন্নাছ আলী (২৩), আৰু বৰপেটাৰ মহ-কলীৰ আব্দুল মালেক (২৬)।
আটকাধীন লোককেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Nagaon police seized drugs : পৰিত্যক্ত বাহনৰ পৰা জব্দ ৫৫০ গ্ৰাম হেৰ’ইন।