Local, Vocal, Global

Fake Currency: নুনমাটিত ৩.৫০ লাখ টকাৰ জাল নোটসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াত আজি নিশা আৰক্ষীয়ে অভিযান চলাই ৩.৫০ লাখ টকাৰ জালনোটসহ এটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটো হৈছে মঠঘৰীয়াৰ ৰূপম সিং (৩০)। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মহানগৰীৰ দুই নং মঠঘৰীয়াত ভাৰাতীয়া হিচাপে থাকি ৰূপম সিঙে দীর্ঘদিন ধৰি জাল নোটৰ ব্যৱসায় চলাই থকা বুলি নুনমাটি আৰক্ষীয়ে তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মঠঘৰীয়াৰ ভাৰাঘৰত অভিযান চলাই জাল নোটসহ সৰবৰাহকাৰীটোক গ্রেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটোৰ কৱলৰ পৰা আৰক্ষীয়ে ৩.৪৮ লাখ টকাৰ জাল নোট জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।