Fake currency notes with veteran actor’s image seized : আজৱ ঘটনা !৫০০ টকীয়া নোটত মহাত্মা গান্ধীৰ পৰিৱৰ্তে ওলাল অনুপম খেৰৰ ছবি
নিউজ ডেস্ক,১অক্টোবৰ : আজৱ ঘটনা ! এইবাৰ ৫০০ টকীয়া নোটত মহাত্মা গান্ধীৰ পৰিৱৰ্তে ওলাল অনুপম খেৰৰ ছবি(Fake currency notes with veteran actor’s image seized ) ৷
এই আজৱ ঘটনাটো সংঘটিত হৈছে আহমেদাবাদত । আহমেদাবাদৰ এটা সোণৰ প্ৰতিষ্ঠানৰ মালিকক অভিনেতা অনুপম খেৰৰ ছবি থকা নকল মুদ্ৰাৰ নোট ব্যৱহাৰ কৰি ১.৬০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ ।
দেওবাৰে ঘটনা সন্দৰ্ভত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ গোচৰ ৰুজু কৰা হৈছে বুলি আহমেদাবাদ চহৰ আৰক্ষীয়ে প্ৰকাশ কৰে।আহমেদাবাদৰ মানেক চক অঞ্চলৰ এটা সোণ বিক্ৰী স্বত্বাধিকাৰী মেহুল ঠাক্কাৰৰ এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে(Fake currency notes with Anupam Kher’s picture seized in Ahmedabad)।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে প্ৰবীণ অভিনেতা অনুপম খেৰে এক্স (পূৰ্বৰ টুইটাৰ)ত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “পাঁচশ টকীয়া নোটত গান্ধীৰ ফটোৰ সলনি মোৰ ফটো???? যিকোনো সম্ভৱ!
জানিব পৰা মতে, এটা সোণ বিক্ৰী স্বত্বাধিকাৰী মেহুল ঠাক্কাৰ নামৰ লোকজনৰ পৰা ২১০০ গ্ৰাম সোণ ক্ৰয় কৰিবলৈ আগ্ৰহী বুলি দাবী কৰিছিল এটা দুষ্টচক্ৰই আৰু ২৪ ছেপ্টেম্বৰত নৱৰাংপুৰাৰ চিজি ৰোডৰ এটা কুৰিয়াৰ ফাৰ্মত সোণ ডেলিভাৰী কৰিবলৈ অনুৰোধ জনাইছিল।
প্ৰৱঞ্চকৰ দলটোৱে ঠাক্কাৰৰ কৰ্মচাৰীক প্লাষ্টিকৰ পেকেটেৰে মেৰিয়াই থোৱা ১ কোটি ৩০ লাখ টকা প্ৰদান কৰে। ঠাক্কাৰৰ কৰ্মচাৰীসকল টকাখিনি লোৱাৰ সময়তে প্ৰৱঞ্চকৰ দলটোৱে ওচৰৰ দোকানৰ পৰা বাকী ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অজুহাতত দোকানখন এৰি সোণখিনি লৈ পলায়ন কৰে।
প্লাষ্টিকৰ ক’ভাৰটো খুলিলেই কৰ্মচাৰীসকলে দেখে যে নগদ ধনখিনি ভুৱা, অনুপম খেৰৰ ছবি থকা নোট।
লগতে পঢ়ক : Rajinikanth Admitted To Hospital In Chennai: মেগাষ্টাৰ ৰজনীকান্তক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি