Local, Vocal, Global

Fake currency notes seized in Cachar: কাছাৰৰ ৰংপুৰত জব্দ ৫ লাখ টকাৰ জাল নোট

নিউজ ডেস্ক,৭নৱেম্বৰ : উজনি-নামনিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জালনোটৰ জৰিয়তে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক।

বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই এনে নকল টকাৰ জৰিয়তে লুণ্ঠন কৰাৰ অভিযোগ।

উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কাছাৰৰ ৰংপুৰত জাল নোটৰ বেহা। জব্দ ৫ লাখ টকাৰ জাল নোট । গ্ৰেপ্তাৰ এক সৰবৰাহকাৰী(Fake currency notes seized in Cachar)।

কাছাৰৰ ধলাইৰৰ ৰংপুৰত আৰক্ষীৰ অভিযানত জব্দ ৫ লাখ টকাৰ জাল নোট। গ্ৰেপ্তাৰ সৰবৰাহকাৰীক। ধৃত সৰহৰাহকাৰীজন আমিনুৰ ৰহমান ওৰফে বাবুল বুলি জানিব পৰা গৈছে।

এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰে সন্ধিয়া আৰক্ষীৰ এটা দলে ৰংপুৰ অঞ্চলৰ জিয়াউল ইছলাম নামৰ এজন লোকৰ হোটেলত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোটখিনি । আৰক্ষীৰ অভিযানৰ উমান পাই হোটেল মালিক জিয়াউল পলাই যায় যদিও আমিনুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত যুৱকজনৰ পৰা আৰক্ষীৰ ১০০০ খন পাঁচশ টকীয়া নোট অৰ্থাৎ ৫ লাখ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

লগতে পঢ়ক :Student dies while bathing in pond: পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ছাত্ৰৰ