Local, Vocal, Global

WATCH | Fake currency notes seized in Bokajan : নৈশ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ জাল নোট

বোকাজান,২৫মে’ : এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে নহয় এইবাৰ জাল নোটৰ বিৰুদ্ধে বোকাজানৰ বৰপথাৰ আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ জাল নোট জব্দ। আটক বহিঃৰাজ্যৰ দুই জাল নোট ব্যৱসায়ীক ।

বোকাজান মহকুমা অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ নিয়মীয়া নাকা চেকিঙত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী NL 07 B 0189 নম্বৰৰ এখন নৈশ বাচত অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ জাল নোটখিনি(Fake currency notes seized in Bokajan)।

ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী “দীপ” নামৰ নৈশ বাছৰ খনৰ পৰা উদ্ধাৰ কৰা হৈছে ৯০টাকৈ পাঁচশ টকীয়া বান্দোলত ৪৫ লাখ টকা লগতে আৰক্ষীয়ে আটক কৰে বাছখনত যাত্ৰী ৰূপে অহা দুই জাল নোট সৰবৰাহকাৰীক ।

বৰপথাৰ আৰক্ষীয়ে জাল নোটসহ আটক কৰা সৰবৰাহকাৰী দুটা হাৰিয়ানাৰ দিল চাদ খান আৰু মোহিত কুমাৰ বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান বৰপথাৰ আৰক্ষীয়ে জাল নোট ব্যৱসায়ী দুটাক আটক কৰি আধিক তথ্য জানিবৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Chapar News : প্ৰেমৰ চলনাৰে ছোৱালীৰ ভিডিঅ’ কৰি ব্লেক মেইলিং কৰা ভণ্ড প্ৰেমিক আৰক্ষীৰ জালত