Local, Vocal, Global

Fake currency notes seized : দুই যুৱকৰ পৰা উদ্ধাৰ বাণ্ডলে বাণ্ডলে পাঁচশ টকাৰ জালনোট

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : দুই যুৱকৰ পৰা উদ্ধাৰ বাণ্ডলে বাণ্ডলে পাঁচশ টকাৰ জালনোট ।

অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জালনোটৰ জৰিয়তে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক। বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই নকল টকাৰ জৰিয়তে লুণ্ঠন কৰি অহাৰ অভিযোগ। দীৰ্ঘদিন দিনৰ পৰা জালনোটৰ জৰিয়তে চলাই আছিল নিজৰ ৰমৰমীয়া ব্যৱসায়।

এইবাৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত নকল টকাৰ ব্যৱসায় । বাইহাটা চাৰিআলিৰ মালিবাৰীত শুকুৰবাৰে নিশা দুজন যুৱকৰ পৰা বাণ্ডলে বাণ্ডলে পাঁচশ টকাৰ জালনোট উদ্ধাৰ কৰে । জাল নোটেৰে সামগ্ৰী ক্ৰয় কৰি থকাৰ সময়তে হাতে-লোটে ধৰা পৰা দুই যুৱকৰ পৰা নকল ৫০০ টকাৰ প্ৰায় তিনিটা বাণ্ডল উদ্ধাৰ হয়।এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত ব্যাপক‌ চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে,শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত এ এচ ২৫ টি ৪৫৭১ নম্বৰৰ এখন পালছাৰ বাইকত অহা দুজন যুৱকে মালিবাৰী হাইস্কুলৰ চকত থকা এখন দোকানৰ পৰা গুটখাৰ পেকেট বিচাৰি বিনিময়ত এখন পাঁচশ টকাৰ নোট দিয়ে। দোকানীজনে শিখৰৰ পেকেটৰ দাম ৰাখি বাকী পাবলগীয়া ধন যুৱক দুজনক ওভতাই দিয়ে(Fake currency notes seized)।

দোকানীৰ পৰা উক্ত ধন পোৱাৰ পিছতে দুই যুৱকে তাৰ পৰা বাইক লৈ আঁতৰি যায়। ইফালে যুৱক দুজনে দিয়া পাঁচশ টকাৰ নোটখন স্পৰ্শ কৰি পৃথক যেন অনুভৱ হোৱাত নোটখন ভালদৰে পৰীক্ষা কৰি চাই উক্ত পাঁচশ টকাৰ নোট খন নকল বুলি নিশ্চিত হয়।

ফলত দোকানীজনে দুজন স্থানীয় ব্যৱসায়ীক লগত লৈ দুখন বাইকেৰে যুৱক দুজনৰ পিছে পিছে ৰাওনা হয়। কিন্তু বেছি দুৰলৈ যাব লগা নৌহওঁতেই নকল পাঁচশ টকাৰে গুটখা ক্ৰয় কৰা দুই যুৱকে মালিবাৰীৰ আনটো চ’কত পুনৰ এখন দোকানৰ পৰা শিখৰ ক্ৰয় কৰি থকাৰ সময়তে দুই যুৱকক হাতে-লোটে কৰায়ত্ব কৰে।

স্থানীয় লোকে মালিবাৰী হাইস্কুলৰ চ’কত দুয়োজন যুৱকক সোধা-পোছা কৰাত যুৱক দুজন বালিসত্ৰৰ অবিনাশ কলিতা (২৪) আৰু আনজন চম্পক কলিতা (২২) বুলি জানিবলৈ দিয়ে। যুৱক দুয়োজনৰ পৰা নকল পাঁচশ টকাৰ তিনিটা বাণ্ডল উদ্ধাৰ কৰা হয়।

বাণ্ডলে বাণ্ডলে নকল পাঁচশ টকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে স্থানীয় লোক। স্থানীয় লোকে ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে শুকুৰবাৰে নিশা দুয়োজন যুৱকক আটক কৰাৰ লগতে জাল নোটৰ বাণ্ডল আৰু পালছাৰ বাইকখনো জব্দ কৰে।

লগতে পঢ়ক :Dead body recovered : মৰিকলং বিষ্ণুনগৰৰ ৰেলপথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ