Local, Vocal, Global

Fake currency notes recovered in Lakhimpur :বিতৰ্কিত মহিলা হাছিনাৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ জালনোট

নিউজ ডেস্ক,২০আগষ্ট : পুনৰ লখিমপুৰত উদ্ধাৰ জালনোট । মঙলবাৰৰ পুৱাই আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হয় প্ৰায় চাৰি লক্ষাধিক জালনোট । গ্ৰেপ্তাৰ এজন লোকক।

জানিব পৰা মতে, লখিমপুৰৰ বিতৰ্কিত মহিলা হাছিনা বেগমৰ এক স্বীকাৰোক্তিৰ ভিত্তিত নাওবৈচা, বিহপুৰীয়া, বঙালমৰা আৰু খেলমাটিত আৰক্ষীৰ দলে চলাইছিল এই অভিযান ৷ মঙলবাৰে আৰক্ষীয়ে ধৃত হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত হাছিনাৰ এগৰাকী সহযোগীৰ ঘৰত অভিযান চলায় । আৰক্ষীয়ে ম’হঘূলিৰ ৰহিম উদ্দিন নামৰ লোকজনৰ ঘৰত অভিযান চলাইছিল ৷ এই অভিযানকালত আৰক্ষীয়ে জব্দ কৰে চাৰি লক্ষাধিক জালনোট(Fake currency notes recovered in Lakhimpur) ৷

উল্লেখ্য যে, বিহপুৰীয়া থানাৰ অন্তৰ্গত এজন লোকে হাছিনা বেগমৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰে ৷ এজাহাৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গুৱাহাটীৰ এখন হোটেলৰ পৰা হাছিনাক গ্ৰেপ্তাৰ কৰে হাছিনা বেগমক । হাছিনাৰ লগতে একেখন হোটেলৰ পৰা ফকৰুদ্দিন নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে হাছিনাক পুনৰ দুদিনৰ বাবে জিম্মাত লৈ চলাইছিল অভিযান ।

আৰক্ষীৰে সোধা-পোছাত হাছিনাই প্ৰকাশ কৰিছে বহু জালনোট আৰু নকল সোণ বেপাৰীৰ নাম(Fake currency notes recovered in Lakhimpur) ।

লগতে পঢ়ক : Body Found Inside Garage : অত্যধিক ড্ৰাগছ সেৱন কৰি মৃত্য়ু যুৱকৰ