Local, Vocal, Global

B.Ed certificate Scam : ভুৱা D El ED আৰু B.ED ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে অভিযান

গুৱাহাটী, ৫আগষ্ট : সোমবাৰৰ পৰা ৰাজ্যত শিক্ষা বিভাগৰ এক বিশেষ অভিযান ৷ বহিঃৰাজ্যৰ পৰা ভুৱা ডিগ্ৰীৰ প্ৰমাণপত্ৰ লয় চাকৰি লোৱা সকলৰ ওপৰত চলিব এই অভিযান । গ্ৰেপ্তাৰ হ’ব পাৰে বহিঃৰাজ্যৰ পৰা ভুৱা বি এড অথবা ডি এল এড ডিগ্ৰী লাভ কৰাসকল(B.Ed certificate Scam in Assam) ।

সোমবাৰৰ পৰা চলিব এই অভিযান। শিক্ষা বিভাগে নিজববীয়াকৈ এক বিশেষ তালিকা প্ৰস্তুত কৰিছে ৷ জিলাই জিলাই এতিয়াই সাজু হৈছে শিক্ষা বিভাগৰ বিষয়াসমূহ ৷ এই অভিযানত যিসকল শিক্ষকৰ বি এড অথবা ডি এল এড ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হব তেওঁলোকে নিজৰ চাকৰি হেৰুওৱাৰ লগতে জে’ললৈ যাব লাগিব(fake B.ED D El Ed teacher could be arrested soon) ।

ইফালে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষলৈ স্কুল শিক্ষা বিভাগে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুযায়ী অহা ৬ আগষ্ট অৰ্থাৎ কাইলৈৰ ভিতৰত ডি এল এড ডিগ্ৰী আৰু বি এড ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিল কৰিব লাগিব বিদ্যালয়ৰ মূৰব্বীসকলে । জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত দাখিল কৰিব লাগিব ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰৰ তালিকা ।

ৰাজ্যৰ শিক্ষা বিভাগে এই তালিকাসমূহ বিভাগীয়ভাৱে তন্ন তন্নকৈ পৰীক্ষা কৰিব ৷ উল্লেখযোগ্য যে,ৰাজ্যত দীৰ্ঘ দিন ধৰি একাংশ শিক্ষকে বহিঃ ৰাজ্যৰ পৰা ভুৱা ডি এল এড আৰু বি এড ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লৈ নিযুক্তি লাভ কৰাৰ গুৰুৰত অভিযোগ উত্থাপিত হৈ আহিছে(fake BED teacher could be arrested)

ৰাজ্য চৰকাৰে এই বিষয়ে অভিযোগ গুৰুত্ব সহকাৰে লয় আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা বি এড আৰু ডি এল এড ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল।

এই নিৰ্দেশনা অনুসৰিয়েই কাইলৈ অৰ্থাৎ ৬ আগষ্টৰ ভিতৰত বি এড ডিগ্ৰীৰ পৰ্মাণ পত্ৰ জমা দিয়াৰ পিছত শিক্ষা বিভাগে আৰম্ভ কৰিব অভিযান ৷ তাৰ পিছতেই বৃহৎ সংখ্যক ভুৱা ডিগ্ৰীধাৰী শিক্ষক জালত পৰাৰ সম্ভাৱনা ।

লগতে পঢ়ক : Assam CM Reply to Bajrang Dal : টুইটাৰত মুখ্যমন্ত্ৰী পৰিয়ালৰ ফটো শ্বেয়াৰক লৈ সমালোচনা, উচিত প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ