Failed poor villagers: ৰাইজৰ কথা নুশুনে বিদ্যুৎ বিভাগ তথা পৌৰ সভাই
নিউজ ডেস্ক,৯ জুলাই : বৰ্তমান সময়তো মমবাতিৰ পোহৰতেই থকা ৰাজ্যৰ এখন গাওঁ । বিজুলী যোগানৰ পৰা আজিও বঞ্চিত হৈ আছে এই গাওঁখন । গাওঁখন কিন্তু কোনো চৰাঞ্চলৰ বা ভিতৰোৱা অঞ্চলৰো নহয়, পৌৰ সভাৰ অন্তৰ্গত এইখন গাওঁ । এই উৎকট গৰমৰ দিনটো ফেনৰ বতাহ অকনমান লোৱাৰো সুভাগ্য হোৱা নাই দুৰ্ভগীয়া গাওঁবাসীৰ বাবে । এই গাঁওখন হল ধিং পৌৰ সভাৰ ৯ নং ৱাৰ্ডৰ লহকৰঘাট ।(Lahkarghat in Ward No. 9 of Dhing Municipality)
বছৰ বছৰ ধৰি বিজুলী বাতিৰ অবিহনেই এক অন্ধকাৰ জীৱন অতিবাহিত কৰি আহিছে গাওঁখনৰ লোকসকলে।
এইক্ষেত্ৰত গাওঁখনৰ লোকসকলে ধিং পৌৰ সভাৰ লগতে ধিং বৈদ্যুতিক উপ সংমণ্ডলৰ ওচৰত বাৰে বাৰে কাকুতি মিনতি কৰিছে যদিও কোনো সুফল লাভ নকৰিলে আজি পৰ্যন্ত । যাৰ ফলস্বৰূপে মমবাতি জ্বলাইয়ে জীৱন অতিবাহিত কৰিছে গাওঁখনৰ প্ৰতিঘৰ লোকে । বিদ্যালয় , মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলেও আজিৰ তাৰিখত মমবাতিৰ পোহৰতেই কৰিব লগীয়া হৈছে পঢ়াশুনা । ইমানৰ পাছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ লগতে ধিং পৌৰ সভাৰ । গাওঁবাসীৰ দাবী অতিশীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই গাওঁখনত বিজুলী যোগানৰ ব্যৱস্থা কৰক ।
লগতে পঢ়কঃ Barking Deer Rescued of Tinsukia : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ বাৰেকুৰি অঞ্চলৰ বৰগাঁৱত