Explosion in Sivakasi firecracker manufacturing facility : আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৮জন

নেশ্যনেল ডেস্ক,৯মে’ : ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । নিহত ৮জন, আহত ১০জন । তামিলনাডুৰ শিৱকাশীত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ ঘটনা ।বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Explosion in Sivakasi firecracker manufacturing facility) ।
জানিব পৰা মতে,বৃহস্পতিবাৰে তামিলনাডুৰ শিৱকাশীৰ সমীপৰ এটা আতচবাজী প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ । ফলত ৫গৰাকী মহিলা শ্ৰমিকসহ ৮ জন লোক জীৱন্ত অগ্নিদগ্ধ হয়। আন ১২ জন লোক আহত হয় ।ৰাসায়নিক পদাৰ্থ চম্ভালাৰ সময়ত ঘৰ্ষণৰ ফলত বিৰুধনগৰ জিলাৰ শ্ৰী সুধৰ্ষণ আতচবাজীত বিস্ফোৰণৰ সূচনা হোৱা বুলি সন্দেহ(8 Killed In Explosion At Fireworks Factory Near Sivakasi In Tamil Nadu) ।
এই ঘটনা সন্দৰ্ভত জিলাৰ আৰক্ষী অধীক্ষক কে ফিৰোজ খান আব্দুল্লাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি , “এইটো এটা অনুজ্ঞাপত্ৰপ্ৰাপ্ত কাৰখানা। তেওঁলোকে আড়ম্বৰপূৰ্ণ আতচবাজী প্ৰস্তুত কৰে। ৰাসায়নিক পদাৰ্থ মিহলোৱাৰ সময়ত ঘৰ্ষণৰ ফলত বিস্ফোৰণৰ সৃষ্টি হোৱা বুলি আমি সন্দেহ কৰোঁ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছোঁ।”
লগতে পঢ়ক : Assam HS Results 2024 : জামুগুৰিহাটৰ নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বৃহৎ সাফল্য