Explosion at Explotech India in Bokakhat : বোকাখাতৰ “এস্কপ্ল’টেক ইণ্ডিয়া” ত ভয়ংকৰ বিস্ফোৰণ; নিহত এজন কৰ্মচাৰী

নিউজ ডেস্ক,১৫জুলাই : বোকাখাতৰ “এস্কপ্ল’টেক ইণ্ডিয়া” ত অঘটন। “এস্কপ্ল’টেক ইণ্ডিয়া”ত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ।
টেংকিৰ কামত কৰ্মৰত অৱস্থাতেই সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ঘটনাটো।ফলত নিহত হয় এজন কৰ্মচাৰীৰ । নিহত কৰ্মচাৰীজনৰ নাম ললিত গন্ধীয়া বুলি জানিব পৰা গৈছে । মৃত কৰ্মচাৰীজনৰ ঘৰ বোকাখাতৰ লখৌজানত(Explosion at Escoplotech India in Bokakhat)।
জানিব পৰা মতে, NK হাজৰিকা নামৰ ব্যক্তি জনৰ মালিকানাধীন কাৰখানাটো। উক্ত কাৰখানাটো ভাস্কৰ শইকীয়া নামৰ এজন ব্যৱসায়ে ভাড়ালৈ চলাই আছিল ।
টেংকাৰ মেৰামতি তথা টেলৰ টেংকাৰৰ টেংকি নিৰ্মাণ কৰিছিল প্ৰতিস্থানটোৱে ।
লগতে পঢ়ক : চেঙেলীয়াঝাৰত ষ্টেচনাৰী দোকানত নিশা চুৰিকাণ্ড