Local, Vocal, Global

Experiencing erosion from Brahmaputra river : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ!

নগৰবেৰা,১জুলাই : চেঙাৰ পূৱ মাজৰচৰত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ৷ বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰ সূতি নদীৰ গৰাখহনীয়াৰ কবলত পৰি পূৱ মাজৰচৰ গাঁৱৰ কেইবা শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে নদীৰ বুকুত জাহ গৈছে কেইবা শ বিঘা কৃষি ভূমি (Experiencing erosion from Brahmaputra river)৷

এইবেলিও কেইবাটাও পৰিয়ালৰ ভেটি-মাটি নদীৰ বুকুত জাহ যোৱাত গৃহহীন হৈছে বহুলোক ৷ আনকি আলোপতিচৰ আৰক্ষী থানা,আলোপতি মাজৰচৰ কৃষি মহকুমাৰ কাৰ্যালয়,আলোপতি চৰ উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় আৰু আলোপতি মাজৰচৰ বজাৰকে ধৰি কেবাটাও চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিও নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷

এই সন্দৰ্ভত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ অৱগত কৰিছে যদিও আজিলৈকে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ৷ সেয়েহে বৰ্তমান স্থানীয় ৰাইজে নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজ্ঞান সন্মতভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

লগতে পঢ়ক : Elephant menace in Chirang : চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৪ টাকৈ বাসগৃহ