Local, Vocal, Global

Executive Engineer Arrested under graft charges : ৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ অভিযন্তা

নিউজ ডেস্ক, ২১ডিচেম্বৰ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ।হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Executive Engineer Arrested under graft charges) ।

শেহতীয়াকৈ বৰপেটাত ৫হাজাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল এগৰাকী চৰকাৰী অভিযন্তা। গ্ৰেপ্তাৰৰ পিছত অভিযন্তাৰ ঘৰত চলাইছিল অভিযান ,তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা অভিযানত ঘৰৰ পৰা উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ধন । উৎকোচ গ্ৰেপ্তাৰ হোৱা কাৰ্যবাহী অভিযন্তাজনৰ নাম সঞ্জীৱ কুমাৰ দাস।

উল্লেখ্য যে, এজন ঠিকাদাৰৰ আমানতৰ ধন মুকলি কৰি দিয়াৰ বাবদ সঞ্জীৱ কুমাৰ দাসে বিচাৰিছিল ঘোচ। কিন্তু ঠিকাদাৰজনে ধন দিয়াৰ পূৰ্বে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে । সেইমৰ্মে ১৬ ডিচেম্বৰত বৰপেটাত উপস্থিত হয় তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দল।

কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসে ঠিকাদাৰজনক দাবী কৰা ধন বৰপেটা চহৰত থকা জলসিঞ্চন বিভাগৰ বৰপেটা বাঘবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়লৈ আহি দি যাবলৈ কয়।

সেই কথা মৰ্মে ঠিকাদাৰজনে সঞ্জীৱ কুমাৰ দাসক ধন আদায় দিবলৈ আহে। সঞ্জীৱ কুমাৰ দাসক বৰপেটা বাঘবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ এটা কোঠালৈ মাতি ঠিকাদাৰজনে ধন আদায় দিয়াৰ সময়তে হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰকৰ দলে।

লগতে পঢ়ক: Executive Engineer arrested under graft charges : উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ ১২লাখ টকা