Local, Vocal, Global

Executive Engineer arrested under graft charges : উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ ১২লাখ টকা

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : অভিযন্তাৰ ঘৰৰ পৰা উদ্ধাৰ ১২ লাখ টকা । উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখা জালত পৰা চৰকাৰী বিষয়া সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন(Executive Engineer arrested under graft charges) ।

বৰপেটাত উৎকোচ লৈ হাত দঙা কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা উদ্ধাৰ ১২লক্ষধিক টকা ৷ দুৰ্নীতি নিবাৰক শাখাৰ দলে সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ ১২ লাখ টকা ৷

উল্লেখ্য যে, ঘোচখোৰ অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল । সৰভোগ-জনীয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দাস। শনিবাৰে এজন ঠিকাদাৰক ঠিকাৰ আমানতৰ ধন মোকলাই দিয়াৰ বাবদ দাবী কৰিছিল ধন অভিযন্তা ধন সঞ্জীৱ কুমাৰ দাসে । ঠিকাদাৰজনৰ পৰা উৎকোচৰ ধন লোৱাৰ সময়তে সৰভোগ-জনিয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলে বৰপেটাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে(Executive Engineer arrested under graft charges; Rs 12 lakhs recovered from residence) ৷

গ্ৰেপ্তাৰৰ পিছত নিশা দাসৰ বৰপেটাৰ বাৰাদী গাঁৱৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। অভিযানত ঘোচখোৰ দাসৰ ঘৰৰ পৰা জব্দ কৰে নগদ ১২ লাখ টকা।

জানিব পৰা মতে, টকাখিনি ২৪ টা খামৰ ভিতৰত সুমুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Fire Breaks out at Godown in Lalganesh : মহানগৰীৰ লালগণেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা