Local, Vocal, Global

ৰাজ্যৰ বিভিন্ন ঠাইৰ ব্যতিক্ৰমী শিক্ষক দিৱস

নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : আজি শিক্ষক দিৱস। দেশৰ চৌদিশে আজি শিক্ষক দিৱসক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে বহু বৰ্ণাঢ্য অনুষ্ঠান। গুৰু বন্দনাৰে মুখৰিত আজি দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান । শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিক্ষা গুৰুক সন্মান যাঁচি আজি বিদ্যালয়, মহাবিদ্যালয় সকলোতে উখল মাখল পৰিবেশ।

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন স্থানত পালন হৈছে দেশৰ ৬১তম শিক্ষক দিৱস।

নগাঁও জিলা

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণৰ অবিৰত প্ৰয়াস কৰি থকা জনেই হৈছে আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল। আমাৰ মাজত এনে একাংশ শিক্ষাগুৰু আছে যিসকলে জীৱনৰ সকলো ত্যাগ স্বীকাৰ কৰিও আপোনাৰ সন্তান সকলৰ মাজত বিলাই আহিছে জ্ঞানৰ জ্যোতি।
তেওঁক যদি সোধে যে ওৰেতো জীৱন কি অৰ্জন কৰিলে আপুনি! তেওঁ হয়তু এখন বিলাসী গাড়ী অথবা এটা অট্টালিকাৰ কথা ক’ব নোৱাৰিব পাৰে তেওঁ, কিন্তু বুকু ডাঠ কৰি তেওঁ ক’ব পাৰিব। হয় মই বহুতকে মানুহ কৰিলো, সমাজ খনৰ বাবে গঢ় দিলো মানৱ সম্পদ। এনে এজন সৰবৰাহী শিক্ষক হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ দুলাল বৰা।
সুদীৰ্ঘ ৩০ বছৰতকৈও অধিক কাল শিক্ষকতা কৰিও নিয়মীয়া শিক্ষক নহ’ল দুলাল বৰা। তথাপিও কিন্তু উদাস নহৈ আজিও শিশু সকলক নিঃস্বাৰ্থভাৱে কৰি গৈছে শিক্ষাদান। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামূল্যে কৰিছে পুৱা-গধুলি টিউশ্যন। আজি শিক্ষক দিৱসৰ দিটোত পুৱাতেই দুলাল বৰাৰ ঘৰত একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ গামোচা-চেলেং-উপহাৰ প্ৰদানেৰে সম্বৰ্ধনা জনালে প্ৰিয় শিক্ষক জনক।

শিক্ষক দিৱসৰ দিনাই বিশেষভাৱে চৰ্চালৈ আহিছে চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰ বালিজুৰী প্ৰাথমিক বিদ্যালয়

২০১৯ বৰ্ষত বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা ৮ গৰাকী শিক্ষাৰ্থীক উষ্ম অভিনন্দন জ্ঞাপন কৰি পালন কৰে শিক্ষক দিৱস ৷

ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়


ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়তো শিক্ষক দিৱস উপলক্ষে উপস্থিত হয় ধুবুৰীৰ লোকসভাৰ সাংসদ মৌলানা বদৰ উদ্দীন আজমল। এক বিশেষ সভাত সাংসদ গৰাকীক অভিবাদন জ্ঞাপন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী আৰু প্ৰবক্তা সকলে। সভাত বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰা ছাত্ৰী সকললৈ টকা ও উপহাৰ হিচাপে বিতৰণ কৰে আজমলে।ধুবুৰী ছোৱালী মহাবিদ্যালয়খনলৈ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকা অনুদান আগবঢ়োৱাৰ আনুষ্ঠানিক ভাৱে ঘোষণা কৰে সাংসদ গৰাকীয়ে ।

যোৰহাট

যোৰহাট বালিগাঁৱৰ জ্ঞানজ্যোতি বিদ্যা বিদ্যাপীঠৰ উদ্যোগ দুদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে পালন কৰা হয় শিক্ষক দিৱস । প্ৰতি বছৰে ১০০% উত্তীৰ্ণ অঞ্চলতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জ্ঞানজ্যোতি বিদ্যাপীঠ নামৰ এই শিক্ষা অনুষ্ঠানটোৱে। বিদ্যালয়ৰ বিভিন্ন দিশত সহায় আগবঢ়োৱা প্ৰয়াত বিশেষ ব্যক্তিসকলৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। অনুষ্ঠানটোৰ লগত সংগটি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়টিৰ সহযোগত জ্ঞানজ্যোতি নামৰ এখন উন্মোচন কৰে। অনুষ্ঠান উপপস্থিত থাকে হালিৰাম বৰা,ডঃ পৰাণ বৰুৱা,ডঃ আদিত বেজবৰুৱা,ডঃ ইন্দ্ৰেশ্বৰ দাসৰ লগতে অঞ্চলৰ বহু কেইজন গণ্যমান্য ব্যক্তি।

গোৰেশ্বৰ


ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰটো পালন কৰা হ’ল শিক্ষক দিৱস। মানৱ সমাজক জ্ঞানৰ পোহৰ বিলোৱা তামুলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলৰ ১৫ খনকৈ বিদ্যালয়ৰ শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে মান পত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে। অঞ্চলটোৰ ১৫ খন বিদ্যালয় নিৰ্বাচন কৰি শিক্ষক শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা আৰু মান পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি সঞ্জীৱ ডেকা, সম্পাদক ৰাজীৱ শৰ্মা, তামুলপুৰ জিলাৰ আহ্বায়ক ৱাহেদৰ ৰহমান, ৰেজেকুদ্দিন আলী উপস্থিত থাকে। আনহাতে প্ৰতিবছৰে সংগঠনটোৱে অঞ্চলটোৰ কৃতী শিক্ষকসকলক সম্বৰ্ধনা জনাই আহিছে আৰু আগলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি মন্তব্য কৰে তামুলপুৰ জিলাৰ আহ্বায়ক ৱাহেদৰ ৰহমানে।

নগাওঁ জিলা

ধিঙৰ আঠ গাঁও মজলীয়া বিদ্যালয়ত ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰে। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাৰে পৰা শিক্ষক- শিক্ষয়িত্রী আৰু ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন বৰ্ণাধ্য কাৰ্যসূচীৰে উদযাপন কৰে শিক্ষক দিৱস। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে শিক্ষাগুৰু সকলৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে।

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষক দিৱস অনুষ্ঠানত হৃষীকেশ গোস্বামী

শিক্ষানগৰী পাঠশালাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিক্ষক দিৱস l ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে বিভিন্ন ধৰণে মৰম-সন্মান জনায় l শিক্ষানুষ্ঠানখনত উদযাপিত শিক্ষক দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব ড৹ হৃষীকেশ গোস্বামী l ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত ড৹ হৃষীকেশ গোস্বামীয়ে ছাত্ৰ জীৱনত শিক্ষকৰ ভূমিকা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰে l শিক্ষকতা কেৱল চাকৰি নহয়, শিক্ষকতা হৈছে এক ব্ৰত, সেৱা l এই সেৱাৰ মাজেৰে উঠি অহা প্ৰজন্মৰ সম্ভাৱনীয়তা বিচাৰি এখন সুন্দৰ, শক্তিশালী আৰু বিজ্ঞানসন্মত শৈক্ষিক সমাজ গঠন কৰাৰ প্ৰয়াসেই হৈছে শিক্ষতাৰ ধৰ্ম বুলি মন্তব্য কৰে ড৹ হৃষীকেশ গোস্বামীয়ে l আজিৰ শিক্ষক দিৱস অনুষ্ঠানতে আনন্দৰাম বৰুৱা একাডেমিত ছয় খনকৈ মূল্যবান গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰা হয় l

সোণাৰিত শিক্ষক দিৱস পালন

৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত আৰু শিক্ষা বিভাগৰ সহযোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় শিল্পী সকলৰ দ্বাৰা গঠিত তেজস্বীনি চৰাইদেউ গোটৰ শিল্পী সকলে পৰিবেশন কৰা গুৰু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা আদিয়ে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণননৰ প্ৰতিচ্ছবিত ধূপ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। সভাত বিশিষ্ট অতিথি সকলৰ ভাষণৰ পিছতে জিলাখনৰ নিৰ্বাচিত ১৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক জিলা কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।

নীলাচল জাতীয় বিদ্যালয়

নীলাচল জাতীয় বিদ্যালয়ত শিক্ষক দিৱসৰ কাৰ্যসূচী ব্যতিক্ৰমী ৰূপে দুটা ভাগত অনুষ্ঠিত কৰা হয়৷
প্ৰথম ভাগত অংকুৰ শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আৰু পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মানসী দাস আৰু অনামিকা কলিতাই৷ অনুষ্ঠানৰ আঁতধৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দৰ্শিতা বনিক্যই৷
আনহাতে দ্বিতীয় ভাগত অনুষ্ঠান অনুষ্ঠিত কৰে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ মাজত৷ সভাপতিৰ দায়িত্বত থাকে অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰাখি মণি ডেকা সম্পাদকৰ দায়িত্বত থাকে অষ্টম শ্ৰেণীৰে তৃষ্ণা দাস আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই নৱম শ্ৰেণীৰ নম্ৰতা দে৷
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন মনোগ্ৰাহী অনুষ্ঠান পৰিৱেশন কৰে৷
শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয়৷

মানকাচৰ জিলা

শিক্ষক দিৱসৰ দিনা মানকাচৰৰ কুচনীমাৰা জোৰডাঙা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ব্যতিক্ৰমি পদক্ষেপ, কেবাখনো স্কুলত দুই শতাধিক গছ পুলি ৰূপনেৰে উদযাপন কৰিলে শিক্ষক দিৱস।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো স্কুল- কলেজত উদযাপন কৰিছে শিক্ষক দিৱস। কিন্তু মানকাচৰৰ কুচনীমাৰা জোৰডাঙা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকী শিক্ষক দিৱস উপলক্ষে গাঁও পঞ্চায়ত খনৰ অন্তৰ্গত কেবাটাও স্কুলত গৈ শিক্ষক আৰু ছাত্ৰ- ছাত্ৰী সকলক লৈ প্ৰায় দুই শতাধিক গছ পুলি ৰূপন কৰে।

প্ৰজ্ঞা ফাউণ্ডেচন, ধুবুৰী জিলাৰ উদ্যোগত গুৰু পূজন অনুষ্ঠান । জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভিন ভিন ক্ষেত্ৰৰ ১৭ গৰাকী গুৰুক পূজনেৰে সম্বৰ্ধনা

আজিৰ শিক্ষক দিৱসৰ দিনটোত গুৰু–শিষ্যৰ পৰম্পৰাৰ লগত সংগতি ৰাখি ধুবুৰীস্থ আৰক্ষী ছাউনীত বিয়লি ভাগত প্ৰজ্ঞা ফাউণ্ডেচনৰ ধুবুৰী জিলাৰ উদ্যোগত ‘‘গুৰু পূজন’’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানটোত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষাবিদ, লোককৃষ্টি বিশাৰদ, নৃত্যাচাৰ্য্য, মৃৎশিল্পীকে ধৰি সৰ্বমুঠ ১৭ গৰাকী গুৰুক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

তিনিচুকীয়া জিলা

ফিল’বাৰীৰ নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়ত দহ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ সন্মান প্ৰদানেৰে শিক্ষক দিৱস উৎযাপন কৰা হয় ৷