Local, Vocal, Global

Excellent Health Benefits Of Sugarcane Juice : কুঁহিয়াৰৰ ৰস পান কৰি পাব পাৰে বহু ৰোগৰ পৰা পৰিত্ৰাণ

গৰমৰ দিনত কুঁহিয়াৰৰ ৰসে আমাক সকাহ দিয়ে।মিঠা মিটা কুঁহিয়াৰৰ ৰস সকলো মানুহৰ প্ৰিয়।গ্ৰীষ্মকালত এগিলাচ মিঠা কুঁহিয়াৰৰ ৰসে অৱসাদ দূৰ কৰে। গৰমৰ দিনত বজাৰত পোৱা শীতল পানীয়ৰ লগতে প্ৰচুৰ পৰিমানে খোৱা এবিধ পানীয়ে হৈছে কুঁহিয়াৰৰ ৰস(Excellent Health Benefits Of Sugarcane Juice)।

গৰমৰ দিনত কুঁহিয়াৰৰ ৰস খালে আপোনাৰ শৰীৰ ঠাণ্ডা হৈ পৰে।গৰমৰ দিনত শৰীৰত পানীৰ পৰিমাণো কমি যায় যিহেতু কুঁহিয়াৰৰ ৰস খালে আমাৰ শৰীৰৰ বাবে উপযোগী।কুঁহিয়াৰ অধিক পৰিমাণে ভাৰতত উৎপাদন হয়।কুঁহিয়াৰ যদিও ফল নহয় ইয়াক ফলৰ ভিতৰত ধৰা হয়।কুঁহিয়াৰৰ ৰসত অধিক মাত্ৰাত চেনি থাকে।কুঁহিয়াৰৰ গা-গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ইয়াক ব্যৱহাৰ কৰা হয়।

সোৱাদত মিঠা হোৱা স্বত্বেও বহুতো ৰোগ নিৰাময় কৰাৰ বাবে কুঁহিয়াৰ ব্যৱহাৰ কৰা হয়। ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক কুঁহিয়াৰৰ ৰস।জণ্ডিচ, হেপাটাইটিছ ৰোগ থকা ৰোগীসকলক কুঁহিয়াৰৰ ৰস খাবলৈ কোৱা হয়। ।কুঁহিয়াৰৰ ৰসত থকা নেচাৰেল ছুগাৰ, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্রাও নিয়ন্ত্রিত কৰি ৰাখে।

কুঁহিয়াৰৰ ৰস পেট পৰিষ্কাৰ কৰাৰ বাবেও উপকাৰী।কুঁহিয়াৰত যথেষ্ট পৰিমাণৰ আইৰণ থাকে যি তেজ বিশুদ্ধ কৰাত সহায় কৰে। কুঁহিয়াৰৰ ৰসে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে।কুঁহিয়াৰৰ ৰসত থকা কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম আৰু আইৰনে শৰীৰত এপ্লাইন হিচাপে কাম কৰে। যাৰ ফলত কেন্সাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে।

গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পানে কৰি দূৰ কৰিব পাৰে।তদুপৰি বেয়া খাদ্য-পানীৰ কু-প্ৰভাৱ আটাইতকৈ বেছি কিডনীত পৰে, যাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ পাতিব পাৰে।এইসকলোবোৰৰ পৰা ৰক্ষা পৰিবলৈ কুঁহিয়াৰৰ ৰস অতি লাভদায়ক।

কুঁহিয়াৰৰ ৰসে শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যাৰ বাবে কুঁহিয়াৰৰ ৰস উপকাৰী।

কুঁহিয়াৰৰ ৰসে দাঁত চাফা কৰে।ছালৰ দাগ দূৰ কৰাত সহায় কৰে কুঁহিয়াৰৰ ৰসে ।কুঁহিয়াৰৰ ৰস ছালত লগালে বিভিন্ন চৰ্মৰোগৰ সমস্য়া দূৰ কৰে।

গৰমৰ দিনত কুঁহিয়াৰৰ ৰস খালে শৰীৰৰ লগতে মন সতেজ কৰি ৰাখে।গতিকে আপুনি কোনো পেকেট জুচ বা কল্ড ড্ৰীঙকছ পান কৰাতকৈ এগিলাচ কুঁহিয়াৰৰ ৰস খাব ।ই আপোনাৰ শৰীৰৰ বাবে অতি লাভজনক।