Local, Vocal, Global

কামপুৰত হস্তী কৰিডৰত খনন, নিমাত প্ৰকৃতিপ্ৰেমি সংস্থা

নিউজ ডেস্ক: হস্তী কৰিডৰত আঁচনি ৰূপায়ন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কামপুৰত৷ অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খনন কৰাত প্ৰকৃতিপ্ৰেমীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিন্না কান্দি উন্নয়ন খণ্ডই হস্তী কৰিডৰ আঁচনি ৰূপায়ন কৰি টোঘলকি কাণ্ড কৰা বুলি চৰ্চা হৈছে৷ কামপুৰৰ পটিয়াপামৰ হস্তী কৰিডৰ, খহনীয়া তথা গেজিং ৰিজাৰ্ভত বিন্না কান্দি উন্নয়ন খণ্ডই অমৃত সৰোবৰ আঁচনিৰ অধীনত চাৰিটাকৈ প্ৰকাণ্ড পুখুৰী খননৰ কাম আৰম্ভ কৰিছে৷ এনে কাৰ্য সংঘটিত কৰাত কামপুৰৰ বন আঞ্চলিক বিষয়া ৰঞ্জিত ফুকন আৰু প্ৰকৃতি প্ৰেমী ধৰনী শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী নগঞাপাম পঞ্চায়তৰ অন্তৰ্গত গেজিং ৰিৰ্জাভৰ চল্লিছ বিঘা মাটিত চাৰিটাকৈ প্ৰকাণ্ড পুখুৰী খনন কৰা হ’ব৷ বিন্না কান্দি উন্নয়ন খণ্ডই কৰিব এই কাম। এই ঠাই খিনি হস্তী কৰিড হোৱাৰ লগতে চৰনীয়া পথাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। কপিলী নৈ বৈ যোৱৰ কাৰণে ঠাই খিনি খহনীয়া এলেকা বুলি চিহ্নিত। কামপুৰ বন আঞ্চলিক বিষয়াগৰাকীয়ে বিন্নাকান্দি উন্নয়ন বিষয়াগৰাকীৰ কথা অমান্য কৰি পুখুৰী খান্দি থকাত কামপুৰৰ প্ৰকৃতি প্ৰেমী ধৰনী শইকীয়াই ক্ষোভ প্ৰকাশ কৰিছে।