Local, Vocal, Global

Communal harmony in Assam:চাপৰত অমৃত বাদশ্বাহে দাঙি ধৰিছে মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন

চাপৰ,২ডিচেম্বৰ : যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে(Example of Hindu Muslim harmony) । “শংকৰ-আজানৰ দেশ” এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই(Communal harmony in Assam) ।

চাপৰত জীয়াই আছে ভাতৃত্ববোধ,জীয়াই আছে হিন্দু-মুছলমানৰ একতা। তাৰেই প্ৰমাণ পুনৰ দাঙি ধৰিলে চাপৰত ।

সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন চাপৰৰ চৈবাৰীত এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে। মুছলমান ব্যক্তিয়ে নিজ ধনেৰে নিৰ্মাণ কৰিবলৈ লৈছে মন্দিৰৰ দেৱাল।

মানৱ জাতি হৈ মানুহৰ সেৱা কৰাটো মূল মন্ত্ৰ লৈ ধুবুৰী জিলাৰ চাপৰৰ সোণামূখীৰ নিবাসী অমৃত বাদশ্বা নামৰ এগৰাকী ব্যক্তিয়ে প্ৰকৃত মানৱ সেৱাৰ নিৰ্দশন দাঙি ধৰি নিজ ধনেৰে চৈবাৰী চাহ বাগিচাৰ গাঁও পূজা মন্দিৰৰ বাউণ্ডাৰী দেৱাল নিৰ্মাণৰ বাবে প্ৰদান কৰিলে ২ লক্ষাধিক টকা।

সেই উপলক্ষে আজি চৈবাৰীত উপস্থিত হৈ অমৃত বাদশ্বা নামৰ ব্যক্তি গৰাকীয়ে স্থানীয় ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে আৰু লগতে মন্দিৰটোৰ জৰাজীৰ্ণ অৱস্থা দেখি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে পঢ়ক :West Bengal government has banned the export of potatoes: শীঘ্ৰেই অসমত আলুৰ নাটনিৰ সম্ভাৱনা;পশ্চিমবংগৰ পৰা আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা