Local, Vocal, Global

অসম চৰকাৰৰ অধীনত নিযুক্তি হব লগীয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা

নিউজ ডেস্ক,৯ জুন : আজি মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ হিচাপে ২০২২ৰ ৭ আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে ২০২২ৰ ২১ আগষ্ট দিনটো ধাৰ্য্য কৰে।

তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ’ব আৰু অতি সোনকালে তাৰ দিন ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে।

তেখেতে কয় যে চৰকাৰৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকীয়ে আবেদন কৰিছে।

তেওঁ প্ৰতিগৰাকী আবেদনকাৰীক আশ্বস্ত কৰি কয় যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰিব। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।