Local, Vocal, Global

Ex-student leader Sunil Das passes away :প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাসৰ দেহাৱসান

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাসৰ দেহাৱসান ৷ নগাঁও জিলাৰ দক্ষিনপাটৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে ৷ দেওবাৰে পুৱা ৬:৪০ বজাত দাসে শেষ নিশ্বাস ত্যাগ কৰে ৷ দাসৰ মৃত্যুত শোকৰ ছা পৰে দক্ষিনপাটত ৷

দক্ষিনপাট শাখা ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব পালনৰ লগতে সভাপতিৰ দায়িত্ব পালন কৰা দাসে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাকো প্ৰতিনিধিত্ব কৰিছিল দাসে ৷ ১৯৮৩ চনত দক্ষিণ -পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি পৰবৰ্তী সময়ত সভাপতি দায়িত্ব পালন কৰিছিল(Ex-student leader Sunil Das passes away)৷

সুনীল দাস অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিনৰে পৰা জৰিত হৈ দক্ষিনপাট আঞ্চলিক অগপৰ সম্পাদক হোৱাৰ লগতে নগাঁও জিলা যুৱ পৰিষদৰ গুৰু দায়িত্ব পালন কৰিছিল ৷ অসম সাহিত্য সভাৰ লগতো জড়িত দাস ২০০৭ বৰ্ষৰ দক্ষিনপাট সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ শোভাযাত্ৰা সমিতিৰ দায়িত্ব আছিল ৷

ইয়াৰ উপৰি ১৯৮৫ চনত অসম চুক্তি ৰূপায়নৰ পিছতে ১৯৮৬ চনত অসম গণ পৰিষদ দলত যোগদান কৰিছিল আৰু অসম গণ পৰিষদৰ দক্ষিণপাট আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ইয়াৰ ওপৰিও তেখেতে নগাঁও জিলা যুৱ পৰিষদৰ দায়িত্ব ও পালন কৰিছিল ।

সিমানে নহয় দক্ষিনপাট অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰে জৰিত দাসৰ মৃত্যুত বিভিন্ন অনুষ্ঠানে শোঁক প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত দাসে পত্নী , দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক :Barpeta Satra Holds Historic Election : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন; বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত ড০ বাবুল চন্দ্র দাস