Local, Vocal, Global

Ex-Lat Mandal Caught Red-Handed Accepting Bribe : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

নিউজ ডেস্ক,২৭মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ।হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Ex-Lat Mandal Caught Red-Handed Accepting Bribe in Darrang)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Ex-Lat Mandal Caught Red-Handed Accepting Bribe)।

চৰিত্ৰ সলনি নহ’ল একাংশ চৰকাৰী কৰ্মচাৰীৰ। এজনৰ পিছত এজনকৈ চৰকাৰী কৰ্মচাৰী ঘোচ লোৱাৰ অৱস্থাতে আটক হৈ অহাৰ পিছতো ভয় নাই একাংশৰ।

এইবাৰ দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান। অভিযানত উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ এজনক।

বুধবাৰে ভিজিলেন্স আৰু এণ্টি কৰাপচনৰ অভিযানত দলগাওঁ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন কৰ্মচাৰী ঘোচ লোৱাৰ অৱস্থাতে আটক হয় । কাৰ্যালয়টোৰ ঠিকাভিত্তিক কৰ্মচাৰী তপন নাথে ভূমি সংক্ৰান্তিয় কামৰ বাবে ঘোচ বিচাৰিছিল।

লগতে পঢ়ক : Kamakhya Prasad Tasa files nomination in Kaziranga lok sabha constituency : কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন পত্ৰ দাখিল;সংগ দিয়ে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অতুল বৰা,জয়ন্ত মল্লবৰুৱাৰ লগতে কেইবাগৰাকী নেতাই