সপোনত প্ৰেতাত্মাই বিচাৰি আহে নেকি? অতৃপ্ত আত্মাৰ ভয়ৰ পৰা এইদৰে পাওক মুক্তি…

ডিজিটেল ডেস্কঃ দুদিন পূৰ্বৰে পৰা আৰম্ভ হোৱা পিতৃপক্ষৰ অন্ত পৰিব অহা ২৫ ছেপ্টেম্বৰত। এই ১৫ দিনত পূৰ্বপুৰুষৰ উদ্দেশ্যে শ্ৰাদ্ধ, তৰ্পণ, পিণ্ডদান আদি কৰা হয়। হিন্দু ধৰ্মৰ নিয়ম অনুযায়ী পূৰ্ব পুৰুষৰ আত্মাৰ শান্তি কামনা কৰি এই সময়ছোৱাত শ্ৰাদ্ধ কৰা হয়। কিন্তু অকাল মৃত্যু হোৱা পূৰ্বপুৰুষৰ আত্মাৰ মুক্তিৰ বাবে কি কৰা উচিত?
আপোনাৰ পৰিয়ালৰ কোনো লোকৰ অকাল মৃত্যু ঘটিছে নেকি? মাজে মাজে সপোনত অতৃপ্ত আত্মাই আহি আপোনাক আমনি কৰে নেকি? যদিহে আপুনিও অতৃপ্ত আত্মাৰ আমনিৰ সন্মুখীন হৈছে তেন্তে তেনে আত্মাক মুক্তিৰ বাবে আপোনাৰ কিছু কৰণীয় আছে।
কাশীৰ এটি কুণ্ডত এনে অতৃপ্ত আত্মাৰ মুক্তিৰ বাবে পিতৃপক্ষৰ এই সময়ছোৱাত বিশেষ বিধি অনুষ্ঠান অনুষ্ঠিত হয়। মোক্ষনগৰী কাশীৰ এটি বিশেষ কুণ্ডত বিশেষ বিধিৰে শ্ৰাদ্ধ আৰু তৰ্পণৰ জৰিয়তে এনে অতৃপ্ত আত্মাক মুক্তি প্ৰদান কৰি অহা হৈছে।
অতৃপ্ত আত্মাৰ মুক্তি কামনাৰ বাবে শ্ৰাদ্ধ-তৰ্পণ অনুষ্ঠিত কৰি অহা কাশীৰ এই কুণ্ডটোৰ নাম হৈছে পিশাচ মোচন কুণ্ড। পিশাচ মোচন কুণ্ড কাশীৰ চেতগঞ্জত অৱস্থিত। এই কুণ্ডৰ কাষতে আছে এজোপা আঁহত গছ। এই আঁহতৰ তলতেই অতৃপ্ত আত্মাবোৰক আহ্বান কৰা হয়। আত্মা আহ্বানৰ পিছত প্ৰচলিত বিশ্বাস অনুযায়ী কুণ্ডটোত ত্ৰিপিণ্ডী শ্ৰাদ্ধ কৰিলে পূৰ্ব পুৰুষৰ প্ৰেত বাধা বা অকালমৃত্যুৰ ফলত অতৃপ্ত হৈ পৰা আত্মাই মুক্তি লাভ কৰে।
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ ভিতৰতে কেৱল পিশাচ মোচন কুণ্ডতেই প্ৰেতাত্মাৰ ত্ৰিপিণ্ডী শ্ৰাদ্ধ কৰা হয়। সেয়ে যদিহে আপুনিও অতৃপ্ত আত্মাৰ পৰা আমনি পাই আছে তেন্তে পিশাচ মোচন কুণ্ডত শ্ৰাদ্ধ-তৰ্পণৰ পৰিকল্পনা কৰিব পাৰে।