Local, Vocal, Global

WATCH | Eviction drive in Sonapur : পুনৰ সোণাপুৰৰ কচুতলিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

সোণাপুৰ,৪এপ্ৰিল : পুনৰ সোণাপুৰৰ কচুতলিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । অবৈধ দখলকাৰীৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ।

প্ৰশাসনে কচুতলিত জনজাতি আৱেষ্টনীত অবৈধ ভাবে বসতি কৰা লোক সকল উচ্ছেদ কৰিছিল কেইবাবাৰো। পৰৱৰ্তী সময়ত পুনৰ প্ৰশাসনে উচ্ছেদ কৰা ভূমিত একাংশ লোকে বসতি আৰম্ভ কৰিছিল।

যাৰ পৰিপ্ৰেক্ষিতত আজি জিলা প্ৰশাসনে পুনৰ অবৈধ ভাবে বসতি কৰি থকা লোক সকলৰ বিৰুদ্ধে চলায় অভিযান(Eviction drive in Sonapur)।

উল্লেখ্য যে, প্ৰশাসনে উচ্ছেদ কৰা কচুতলিৰ ভূমিত একাংশ লোকে পুনৰ অস্থায়ী ভাবে ঘৰ সাজিবলৈ আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : WATCH | Pijush Hazarika: বৰপেটাৰ ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা