Eviction drive in Sonapur : পুনৰ সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান,২৫০ টা গৃহত চলিল বুলডজাৰ
নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ: পুনৰ চলিল সোণাপুৰৰ কচুতলীত উচ্ছেদ অভিযান । উচ্ছেদৰ বাবে পুৱাৰে পৰা সোণাপুৰৰ কচুতলীত সষ্টম বিশাল আৰক্ষী-অৰ্ধসামৰিক বাহিনী । সোণাপুৰৰ ১৫০ বিঘা ম্যাদী-একচনীয়া ভূমিত চলিল উচ্ছেদ(Eviction drive in Sonapur)।
উচ্ছেদৰ পূৰ্বে প্ৰশাসনৰ ফালৰ পৰ জাননী প্ৰেৰণ কৰি বেদখলকৃত ভূমি এৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে ।বেদখলকাৰীৰ ঘৰে ঘৰে আঁৰি দিয়া হৈছিল ৰঙা ষ্টিকাৰ । এসপ্তাহ পূৰ্বে উকলি গৈছে প্ৰশাসনে বান্ধি দিয়া সময়সীমা । মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানত মুঠ ৬ টা স্থানৰ ২৫০ টা অবৈধভাৱে নিৰ্মিত বাসগৃহত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে ।
উল্লেখ্য যে, উচ্ছেদৰ মাজতে উচ্ছেদিত পক্ষই ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছিল যে ম্যাদী পট্টাৰ ভূমিত ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিব লাগিব উচ্ছেদ অভিযান ৷ তাৰ মাজতেই দেখা গৈছে ৩০ ছেপ্টেম্বৰৰ পূৰ্বেই মঙলবাৰৰ পৰা সোণাপুৰৰ কচুতলীত কঠোৰ নিৰাপত্তা বেষ্টনীৰ সৈতে উচ্ছেদৰ বাবে উপস্থিত হ’ল প্ৰশাসনৰ লোকসকল ৷ অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি প্ৰশাসনে এই উচ্ছেদ চলোৱাৰ বাবে আগবাঢ়িছে নে নতুনকৈ কচুতলীৰ আন অঞ্চলত উচ্ছেদৰ পদক্ষেপ লৈছে সেয়া প্ৰশাসনে এতিয়াও স্পষ্ট কৰা নাই ৷