Watch | Event of Borgeet and Sattriya dance workshop: বৰগীত আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ অনুষ্ঠান
নিউজ ডেস্ক: সত্ৰীয়া নৃত্য আৰু গীত-বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বৰগীত আৰু সত্ৰীয়া নৃত্যৰ চাৰিদিনীয়া কৰ্মশালা খনৰ যোৱাকালি সফল সামৰণি পৰে ।
বামুণীমৈদাম পিয়লি ফুকন নগৰস্থিত সমূহীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা লেখিকা ড° মন্দিৰা বৰুৱা আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বৰগীতৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী অৰ্চনা ভট্টাচাৰ্য । দুয়ো গৰাকী বিশিষ্ঠ অতিথিক মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা সমৰ্ধনা জনোৱা হয় ।
নৃত্যসূৰ্য পংকজ বৰুৱা আৰু বাবী ভৰালী বৰুৱাৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে বৰগীত, মাটি আখৰা, নৱৰসৰ অভিনয়ৰ লগতে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তোলে । অংশগ্ৰহণ কৰা সমূহ প্ৰশিক্ষাৰ্থীক মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় ।
উল্লেখ্য যে, সামৰণি অনুষ্ঠানৰ দিনটোতেই মুজুৰা কলা কেন্দ্ৰৰ অধ্যক্ষা বাবী ভৰালী বৰুৱাৰ জন্মদিন স্বৰূপে বিভিন্ন শুভাকাংঙ্খী আৰু শিক্ষাৰ্থী সকলে শুভেচ্ছা আৰু উপহাৰ প্ৰদানেৰে জন্মদিনটো মধুৰ কৰি তোলে ।