আজিও বহুতে মোক নিপন গোস্বামীৰ কন্যা বুলি ভাৱেঃ কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিল নিশিতা গোস্বামী
ডিজিটেল ডেস্কঃ আজি যেন দুখৰ পাহাৰ খহি পৰিছে অসমীয়া ছবিপ্ৰেমীৰ ওপৰত। যশস্বী অভিনেতা নিপন গোস্বামীৰ মহাপ্ৰস্থানে মৰ্মাহত কৰিছে তেওঁৰ অগণন গুনমুগ্ধক।
দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া ছবি জগতৰ প্ৰবীণ অভিনেতাগৰাকীয়ে।
নিপন গোস্বামীৰ বিয়োগৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীও।
সংবাদ মাধ্যমৰ সন্মুখত নিপন গোস্বামীৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি হুকহুকাই কান্দি উঠে নিশিতাই।
অসমৰ অনেক লোকে তেওঁক নিপন গোস্বামীৰ কন্যা বুলি আজিও ভাৱে বুলি মন্তব্য কৰি নিশিতা গোস্বামীয়ে কয় যে যেতিয়া তেওঁক মানুহে নিপন গোস্বামীৰ কন্যা বুলি ভাৱিছিল, সেয়া জানি তেওঁ গৌৰৱ অনুভৱ কৰিছিল।
নিশিতা গোস্বামীয়ে কয়, ‘মোৰ কবলৈ একো ভাষা নাই। মোৰ জীৱনত ভাল ভাল ছবি কেইখন নিপন দাৰ লগত কৰিছো। আমাৰ এতিয়া কোনো নাইকিয়া যেন হৈ গৈছে।’
কিছুদিন পূৰ্বে আৰক্ষীয়ে তেওঁৰ বাহনৰ জৰিমণা বিহাৰ সময়তো চালানত পিতা নিপন গোস্বামী বুলি লিখিছিল বুলি মন্তব্য কৰি শোকত কান্দি উঠে অভিনেত্ৰীগৰাকীয়ে।