Local, Vocal, Global

EU calls for pauses in Hostilities : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩নৱেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(EU calls for pauses in hostilities, establishment of humanitarian corridors in Gaza)।

ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে(EU calls for pauses in Hostilities)।

গাজাত চলি থকা যুদ্ধক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । বিভিন্ন পক্ষই যুদ্ধবিৰতিৰো আহ্বান জনাইছে । কিন্তু ইজৰাইলী চৰকাৰ যুদ্ধবিৰতিৰ পক্ষত নাই । ইয়াৰ মাজতে ইউৰোপীয় ইউনিয়নেও মানৱীয় দৃষ্টিভংগীৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে । ইউৰোপীয় ইউনিয়নৰ বৈদেশিক পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ শীৰ্ষ প্ৰতিনিধি জোচেফ বোৰেলে এক বিবৃতিত এই কথা স্পষ্ট কৰে । তেওঁ কয় যে ইউৰোপীয় ইউনিয়ন গাজাত গভীৰ মানৱীয় সংকট সম্পৰ্কে চিন্তিত(EU calls for ‘pauses’ in hostilities, humanitarian corridors in Gaza) ।

বিবৃতিটোত বোৰেলে কয় যে ইউৰোপীয় ইউনিয়নে মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতি কামনা কৰিছে । মানৱীয় সাহায্য সুৰক্ষিতভাৱে গাজাৰ নাগৰিকে যাতে লাভ কৰিব পাৰে তাৰ বাবে সীমান্ত অতিক্ৰম কৰা আৰু এক সমৰ্পিত সামুদ্ৰিক পথৰ জৰিয়তে ক্ষমতা বৃদ্ধি কৰাটো বিচাৰে ইউৰোপীয় ইউনিয়নে ।

বিবৃতিৰ জৰিয়তে ইউৰোপীয় ইউনিয়নে চিকিৎসালয় আৰু সাধাৰণ নাগৰিকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ বাবে হামাছক গৰিহণাও দিছে । লগতে ইউৰোপীয় ইউনিয়নে হামাছক সকলো বন্দীক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈও আহ্বান জনাইছে (EU Calls For ‘pauses’ In Hostilities, Humanitarian Corridors In Gaza)।

ইউৰোপীয় ইউনিয়নে কৈছে যে সাধাৰণ লোকসকলক যুঁজ ক্ষেত্ৰ এৰি যাবলৈ অনুমতি দিব লাগে । এই শত্ৰুতাই চিকিৎসালয়সমূহক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে আৰু সাধাৰণ লোক আৰু চিকিৎসা কৰ্মচাৰীৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছে । ইউৰোপীয় ইউনিয়নে আন্তৰ্জাতিক আইন আৰু আন্তৰ্জাতিক মানৱতাবাদী আইনৰ সৈতে সংগতি ৰাখি ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থনৰ কথা দোহাৰে ।ইউৰোপীয় ইউনিয়নৰ মতে চিকিৎসা আৰু জৰুৰী চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা ৰোগীসকলক আটাইতকৈ জৰুৰী চিকিৎসা সামগ্ৰী সুৰক্ষিতভাৱে স্থানান্তৰ কৰিব লাগে । আনহাতে ইজৰাইলক সাধাৰণ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংযম হ’বলৈও আহ্বান জনোৱা হৈছে(EU calls for immediate pauses as Israeli bombardment of hospitals continues) ।

ইফালে সংঘৰ্ষৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কৈছে যে ইজৰাইলী সেনাই জৰুৰী চিকিৎসাৰ বাবে গাজাৰ শিফা চিকিৎসালয়ক ৩০০ লিটাৰ ইন্ধন যোগান ধৰিছে । অৱশ্যে ইজৰাইলে অভিযোগ কৰা মতে হাস্পতালখনলৈ ইন্ধন যোগান গাজাৰ হামাছ প্ৰশাসনে বাধা আৰোপ কৰিছে । ইয়াৰ মাজতে চলিত সংঘৰ্ষত পুনৰ ২ ইজৰাইলী সেনা নিহত হোৱাৰ কথা স্বীকাৰ কৰিছে প্ৰতিৰক্ষা বাহিনীয়ে । ইয়াৰ লগে লগে গাজাত চলিত সংঘৰ্ষত নিহত সেনাৰ সংখ্যা ৪৪ লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : Israel-Hamas war : নিজৰ স্থিতিত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু; কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ