Local, Vocal, Global

Espionage Case : পাকিস্তানৰ আই এছ আইৰ বাবে কাম কৰা ভাৰতৰ এজন লোকক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১৭ জুলাই : পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ চোৰাংচোৱাগিৰিৰ অভিযোগত উত্তৰ প্ৰদেশৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এণ্টি টেৰৰিষ্ট স্কোৱাডে। চোৰাংচোৱা সূত্ৰৰ অনুসৰি , যুৱকজনে বৃহৎ ধনৰ বিনিময়ত ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ সৰবৰাহ কৰিছিল(Uttar Pradesh man working for Pakistan’s spy agency ISI arrested)। জেৰাৰ সময়ত অভিযুক্তই চোৰাংচোৱাগিৰি কৰা বুলি স্বীকাৰ কৰে (Anti Terrorist Squad)।

এ টি এছৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ৰায়ছ(ATS) । উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ তাৰাবগঞ্জ অঞ্চলৰ বাসিন্দা তেওঁ । আৰক্ষীৰ জেৰাত ৰায়েছে কয় যে তেওঁ কাম বিচাৰি মুম্বাইলৈ গৈছিল। তাতে তেওঁ অৰমান নামৰ এজন যুৱকেৰে সাক্ষাৎ হয়। অভিযুক্ত ৰায়েছে আৰমানক সংযুক্ত আৰব আমিৰশ্বাহীত কাম বিচাৰিবলৈ আব্দাৰ কৰে। সেই সুযোগতে আৰমানে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ৰায়ছক এই চৌৰ্যবৃত্তিৰ প্ৰলোভন দেখুৱায়। ইয়াৰ পিছতে মহম্মদ ৰায়ছে আই এছ আইক সেনাৰ গোপন তথ্য যোগান ধৰিবলৈ আৰম্ভ কৰে।

ইফালে পাক চোৰাংচোৱাই ৰায়ছক ফোন কৰি ভাৰতীয় সামৰিক ঘাটিৰ বিষয়ে তথ্য বিচাৰিছিল, প্ৰতিটো তথ্য সৰবৰাহৰ বিনিময়ত আই এছ আই-এ ৰায়ছলৈ ১৫ হাজাৰ টকা প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তৰ প্ৰদেশৰ এ টি এছে যুৱক-যুৱতীসকলৰ ওপৰত চকু ৰাখিবলৈ ধৰিছে। এ টি এৰ এটা দলে ধৃত মহম্মদ ৰায়ছক আটক কৰি মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ ডি জি (আইন আৰু শৃংখলা) প্ৰশান্ত কুমাৰে এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰিছে।

লক্ষ্ণৌ এ টি এছ আৰক্ষী থানাত আই পি চিৰ ধাৰা ১২১ এ (যুদ্ধ চলোৱা বা চলাবলৈ চেষ্টা কৰা) আৰু ১২৩ (যুদ্ধ চলাবলৈ ডিজাইনৰ সুবিধাৰ উদ্দেশ্যেৰে লুকুৱাই ৰখা)ৰ অধীনত ৰায়েছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, আৰু অফিচিয়েলছ ছিক্ৰেটছ এক্ট, ১৯২৩ৰ অধীনত ৰায়েছৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক : Assam CM’s remarks on Muslims : মুছলমানক দোষাৰোপ কৰাৰ বাবে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ; ন্যায়িক ব্যৱস্থা গ্ৰহণৰ আহ্বান