Local, Vocal, Global

WATCH | Erosion in Nagarbera :ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে চেঙাৰ ম’হচৰা গাঁৱত

নগৰবেৰা,৬জুন : ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে চেঙাৰ ম’হচৰা গাঁৱত । বছৰৰ প্ৰথমটো বানতে গৃহহীন হৈছে গাঁৱখনৰ ২০-২৫ টা পৰিয়াল ।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, বিগত ৪-৫ বছৰ ধৰি আৰম্ভ হোৱা গৰাখহনীয়াত গাঁওখনৰ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে চৰকাৰী বিদ্যালয় জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। গাঁওখনৰ একমাত্ৰ পকী পথটোও ইতিমধ্যে জাহ হৈছে খহনীয়াত(Erosion in Nagarbera)।

ৰাইজৰ দান বৰঙণি আৰু বিধায়ক জনে আংশিক ধন ব্যয় কৰিছে যদিও সেয়া যথেষ্ট নহয়। শীঘ্ৰে মহচৰা গাঁওখন খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ মন্ত্ৰী আৰু জিলা আয়ুক্ত, স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনক দাবী জনাইছে ভুক্তভোগী লোকে।

লগতে পঢ়ক : WATCH | Artificial Flood in Hajo : কৃত্ৰিম বানত কুলহাটী-বংশৰ সংযোগী ৰাজপথ