কৰিমগঞ্জত খহনীয়াৰ কালৰূপ
নিউজ ডেস্ক, ১ জুলাই : নেৰানেপেৰা বৰষুণৰ বাবে খহনীয়াই কালৰূপ ধাৰণ কৰিছে কৰিমগঞ্জত । কৰিমগঞ্জৰ Paomara এলেকাত অসম ত্ৰিপুৰা সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় ৫০ মিটাৰ পথ খহি যায় ।
Paomaraৰ ওচৰৰ কৰিমগঞ্জ বাইপাছ পথটো বানপানীৰ দ্বাৰা ভাঙি যোৱাৰ ফলস্বৰূপে সকলো যানবাহন চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে পথটো ।
যাৰ বাবে কৰিমগঞ্জৰ পৰা কোনো গাড়ী ত্ৰিপুৰালৈ যাব নোৱাৰিব।
কৰিমগঞ্জ জিলা প্ৰশাসনে ৰাইজক বাবা হোটেলৰ পৰা কৰিমগঞ্জ চহৰহৈ পাওমাৰালৈ বিকল্প পথ ল’বলৈ পৰামৰ্শ দিছে। তেওঁলোকে জানিব দিয়ে যে, পথচোৱাৰ মেৰামতিৰ কাম চলি আছে আৰু অতি সোনকালে যান-বাহনৰ বাবে মুকলি কৰা হ’ব।