WATCH | Erosion in Dergaon: দেৰগাঁৱৰ ৰঙামাটিৰ গেলা বিল নদীৰ ভয়াবহ গৰাখহনীয়া
দেৰগাঁও,২৪মে’ : দেৰগাঁৱৰ ৰঙামাটিৰ গেলা বিল নদীৰ ভয়াবহ গৰাখহনীয়া। প্ৰতিবছৰে বাৰিষা গেলবিল নদীত পুলি কৰৈয়ণি বাসীৰ বাবে ভয়াৱহ সমস্যা হৈ পৰে খহনীয়া।
বাৰিষা অহাৰ লগে-লগে আৰম্ভ হয় ভয়াৱহ খহনীয়াৰ। বছৰ বছৰ ধৰি খহনীয়া হৈ থকাৰ বাবে নৈৰ বুকুত নিশ্চিহ্ন হৈছে শ শ বিঘা কৃষি ভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী।
শতাধিক লোকে দীৰ্ঘসময় ধৰি নদীৰ গৰা খহনীয়াৰ ক্ৰমবৰ্ধমান সমস্যাৰ সৈতে যুঁজ দি আহিছে। নদীত বিস্তৃত ভূ-খণ্ড জাহ যোৱাৰ বাবে, বৃহৎ পৰিসৰৰত জনসাধাৰণ স্থানচ্যুত হোৱাৰ লগতে অৰ্থনৈতিক দুদৰ্শৰো সন্মুখীন হৈছে(Erosion in Dergaon)।
প্ৰতি বছৰে জন প্ৰতিনিধিক সমস্যা সমাধানৰ বাবে আহ্বান জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ উঠিছে অভিযোগ।বিধায়ক মৃণাল শইকীয়ায়ো সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও সেৱাও যেন কাৰ্যক্ষম হৈ নুঠিল।পুনৰ বাৰিষাৰ প্ৰাক মুহূৰ্তত জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক ব্যবস্থা ল’বলৈ আহ্বান জনায় নৈ পৰীয়া ৰাইজে।